পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৬৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
৬১
সাহিত্য বিচাৰ

লিখি কেৱল অনুলোম বিবাহ সঙ্গত বুলিছে আৰু প্ৰতিলোম বিবাহ নিষেধ কৰিছে।

পদা-গদ্য বা মিহলি গদ্য।

যুতীৰে আদৰ কৰি মালতীক সুধিলে বোলে বাই। বসন্ত কাল পৰিলহি তইনো কেতিয়া ফুলিবি? চাচোন কেনে ৰিব্ ৰিবকৈ মলয়া বৈছে,গছ এটাইবোৰেই ন পাত ধৰিছে। সৌৱা নিকুঞ্জ লতাও একে বাৰে নতুন সাজ পিন্ধি ওলাইছে ,বতাহে নাকত লাজ লাগিছে হ'বলা। গোলাপ ফুল মৰমে ফুলিছে , তাৰ যে আনন্দৰ ঠায়েই নাই।বসন্তৰ সুগন্ধ বাহ,ঢগৰ জাহ, বকুল আদি কৰি সকলো কলি বিকশিত হৈছে চৰাইবোৰেও সুললিত সুৰেৰে গীত ধৰাত বতাহে বাই এনেই আছে।

 ইয়াৰ ভিতৰত যি ভাবটে আছে, সি কেৱল ### ### যোগ,তাক গদ্যত লেখা ভাল হোৱা নাই। ফুলে মন পতা কেৱল কবৰ ### ইয়াৰ ভিতৰত বিষাদ ৰূপ ### আছে। যুতীৰে মালিতাক নুফুলা দেখি অসন্তোষ কৰিছে ### মিঠা কথাৰে তাৰ কাৰণ সুধিছে। এই ভাব ### কোমল শব্দেৰে ছন্দত প্ৰকাশ কৰা যুগুত।

 কোন বিষয় পদ্যত লিখিলে ভাল,কোন বিষয় গদ্যত লিখা উচিত এই কথাটো ভালকৈ বুজিলে এনেকুৱা মিহলি পদ্য বা মিহলি গদ্য ওলাবলৈ নাপায়। মিহলি পদ্যৰ কাৰণ আৰু এটা আছে,তাৰ কথা পাছে কোৱা হ'ব।ওপৰৰ ### পদ্য আৰু গদ্য কেৱল আকৃতিত মাথোন ভিন এনে নহয় অথবা ছন্দত লিখিলেই