পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

আছে, তেঁওলোকে লিখা-পঢ়া জানে আৰু টান টান পুথিৰ অৰ্থ ও নিমিষতে কৈ দিব পাৰে, তেও সাহিত্যৰ ৰস বুজিবলৈ টান পায়। এই কথাটো প্ৰথমতে আচৰিত যেন লাগিব পাৰে, কিন্তু অলপ গমি চালে দেখা যায়, যে যি জ্ঞানৰ বলত সাহিত্যৰ ৰস বুজিব পাৰি সি লিখা-পঢ়া শিকিলেই হোৱা বস্তু নহয়। তাৰ নিমিত্তে বেলেগে পুৰুষাৰ্থ কৰিব লাগে, তেহে সেই জ্ঞান লাভ কৰিব পাৰি। নীতি বিজ্ঞান, মনো বিজ্ঞান বা গণিত ইত্যাদি শাস্ত্ৰত বৰ পাৰ্গতালি লাভ কৰিলেও সাহিত্যৰ একো নাজানিব পাৰে। কিয়নো, মনোবিজ্ঞান শিকোঁতে সাহিত্য শিকা নহয়।

এই জ্ঞান যে দুৰ্লভ এনে নহয়। অন্য কথা শিকিবলৈ যিমান দুখ কৰিব লাগে, সাহিত্য বোধকৰো তাতকৈ অলপ শ্ৰমতে শিকিব পৰা যায়। যেতিয়া মানুহে লিখা পঢ়া আৰম্ভ কৰে, তেতিয়াৰ পৰা সাহিত্যৰ ফাললৈকো চকু দিব লাগে, সদাই তাত মন দিলেহে পিচে উপকাৰ পোৱা যায়। যদি সৰুৰে পৰা সাহিত্যৰ লগত একো সমন্ধ নাৰাখা, তেন্তে ডাঙ্গৰ হলে তাৰ ৰস কেনেকৈ বুজিবা? একেই সাহিত্য এটা জটিল বিষয়, তাতে যদি আৰম্ভৰ পৰা তাক হেলা কৰা যায়, তেনেহলে পিছত তাৰ সোৱাদ পোৱা বৰ অসম্ভৱ। কিন্তু নিচই সৰুতে সাহিত্য শিকাবলৈ ধৰাও উচিত নহয়, কিয়নো ততিয়া বহুত কথাৰ অৰ্থকে বুজি নাপাব অৰ্থ বুজি পালও কথাৰ ভিতৰ সোমাই তাৰ ভাব বিচাৰি উলিয়াব নোৱাৰ। যেতিয়া বুদ্ধি পুৰঠ হয়, জটিল শব্দও পঢ়ি বিচাৰ ফলিয়াব পাৰ, আৰু ---------- থাকিবলৈ