কামৰ নিমিত্তে এজন দৈত্য বা দেৱতা কিতাপত উলিৱা
একো ভাল কথা নহয়। আৰু এটা কথা ভাবি চাবাঁ; সাধাৰণ উপকথা আমি সদাই দেখা শুনা কথা, এতেকে লিখিবলৈ টান নালাগিব পাৰে। এই বিধ উপকথা লিখাত
আমি কেৱল দেখা বা শুনা কথাকে আমাৰ ইচ্ছা মতে
বেলেগ কৰি সজাওঁ। কিন্তু অসাধাৰণ কথা আমি নেদেখা
নুশুনা। লিখকে কল্পনা কৰি একে বাৰে নতুন কথা উলিয়াব
লাগে। ইয়াৰ পৰা বুজিব পাৰি যে “কাদম্বৰী” বা “দশকুমাৰ চৰিত” লিখাতকৈ “শুকবিলাস” বা আৰব্যৰ উপকথাৰ ভিতৰত থকা ইহুদিৰ সাধুকথা লিখিবলৈ অনেক গুণে টান। অসাধাৰণ উপকথা ভালকৈ লিখি উলিয়াব পাৰিলে সাধাৰণতকৈ মনোৰম হয়। কিয়নো সাধাৰণ কথা আমি সদাই দেখোঁ
সদাই শুনোঁ; তাৰ নতুনত্ব কেৱল কৰাৰ পাতনিতহে থাকে।
কিন্তু অসাধাৰণৰ এটাইখিনি নুতন; তাক কেতিয়াও দেখা
নাই শুনা নাই, আৰু মনতো নাভাবোঁ। অসাধাৰণ উপকথা
লিখোঁতে আচৰিত কথা ভাবি উলিৱাটোৱেই টান। যিবোৰ কথা লিখিবা সেই এটাইবোৰেই অসাধাৰণ আৰু আশ্চৰ্য্যজনক হব লাগে। সদাই দেখা শুনা বা কেৱল এক
অংশে আচৰিত কথা হলে কিতাপ নীৰস হয়, কথাবোৰ এনে
হব লাগে যেন পাঠকে পঢ়ি বিচুৰ্ত্তি মানে, তেওঁৰ চকু যেন
ঠৰ হয়, আৰু মনত যেন ভয় লাগি উঠে। ভাল উপকথা
পঢ়িলে প্ৰায় গা জিকাৰ খায়, আৰু নোম শিয়ঁৰি উঠে।
এই ৰকমৰ উপকথা লিখোঁতে যদিও অস্বভাৱিক নিয়মৰ
আশ্ৰয় লব পাৰি তেও এনে ভাবিব নালাগে, যে যেই সেই
পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৫৫
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
সাহিত্য বিচাৰ।