পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
সাহিত্য বিচাৰ।


লাগে যে সেই কথাৰ গুণেহে যেন আগৰ কথাটো ভাগিল। বিবেচনা কৰা, এজনক তুমি ফাঁচি দিবলৈ লৈ গৈছা, এনে ঠাইতে সেই মানুহটোৰ ফাঁচি হল নে নাই তাৰ সিদ্ধান্ত নকৰাই ভাল। যেতিয়া ফাঁচিৰ সকলো ঠিক হয়, কেৱল চাঙ্গত তুলিবলৈ বাকি, এনে সময়তে এনেকুৱা এটা ঘটনা ঘটাব লাগে যেন তাক এৰি এই ঘটনাৰ বিষয় নকলেই নহয়।

 ওপৰত কোৱা কথাৰ পৰা এনে ভাবিব নালাগে, যে যিমান কথা কিতাপত লিখা যায় সকলোৰে সিদ্ধান্ত শেষলৈ থব লাগে। এটাইবোৰ কথা লুকাই থলেও বেয়া হয়, যি মানুহে পঢ়ে তেওঁৰ বৰ বিৰক্ত লাগিব পাৰে। সেই দেখি মাজে মাজে দুই চাইটা কথা ভাঙ্গি দিয়া ভাল। এটা কথাৰ আদখিনি পালে আগটো কথা ভাঙ্গিব লাগে, বা পাচৰটো কথা আগৰটোৰ ভাঙ্গনি হলেও বেয়া নহয়। আৰু বহুত পৰিমাণে আচৰিত কথা উলিয়াৰ নালাগে, কাৰণ বেচি একোৰে ভাল নহয়। এইবিলাক কথাৰ সৰহ ভাগ প্ৰায় আপোনা আপুনি বুজিব পাৰি। যি দুই চাৰিখন উপকথা পঢ়িছে, আৰু তাৰ ভাল-বেয়া বিচাৰি চাইছে সেয়ে এইবোৰ কথা জানে; এতেকে এই বিষয় ইয়াতে শেষ কৰা হল।

 উপকথাৰ ভিতত নায়ক নায়িকাই প্ৰধান। সিহঁতৰ ভাল বেয়াই হে কিতাপৰ ভাল বেয়া। যদি নায়ক বা নায়িকাক সজোৱাত বেয়া হয়, তেন্তে সেই উপকথাত ৰস নাথাকে। সেই দেখি লিখকে এই কথাত ভালকৈ মন দিয়া উচিত। আৰম্ভণৰে পৰা অন্তলৈকে এই কথাত চকু ৰখা ভাল। নায়কক কেনেকুৱা কৰিবা তাক আগেয়ে মনত