[ ৭৯ ]
মৰাত, জুন্লুং দেশৰ ৰজাৰ কোৱৰক আনি ৰজা পতা হল। এই বংশৰে ত্যাওতাইলুং ৰজাই বৰ পুতেকক নিজ ৰাজ্য দি, সরু পুতেক ফুত্যাংখাঙ্গক মুংমিতকুপকিংনাও দেশৰ ৰজা পাতি স্বৰ্গী হল। বৰ পুতেক অপুত্ৰক হৈ স্বৰ্গী হোৱাত, পাত্ৰ মন্ত্ৰীয়ে মুংখুমুংজাও দেশৰ খুঞ্চ ৰজাৰ বংশৰ এজনাক আনি ৰজা পাতি ললে। তেওঁৰ পাচত তেওঁৰ পুতেক চুখান্ফা ৰজা হল। ইপিনে, ফুত্যাংখাং ৰজাই, ডাঙ্গৰ দুই পুতেকক আন দুখন ৰাজ্য দি, সরু পুতেক চুকাফাক নিজ দেশৰ ৰজা পাতি স্বৰ্গী হল।
পাচে জুন্লুং দেশৰ ৰজাৰে চুখান্ফা ৰজাৰ ৰণ লাগিল। সেই ৰণলৈ চুখান্ফা ৰজাই চুকাফা ৰজাৰ সাহায্য খুজি নেপালে। তাতে চুখানফা ৰজাৰ খং হৈ, তেওঁ চুকাফা ৰজাৰ বিরুদ্ধে যাত্ৰা কৰিবলৈ আলচ পাতিলে। চুকাফা ৰজাই এই কথাৰ বুজ পাই মুংকং দেশলৈ গল। তেওঁ সেই ৰজাৰ চোমদেওক লুকাই হাত কৰি লৈ, ১১৫০ শকৰ আঘোণত ভটিয়াই আহি সৌমাৰ দেশ পালেহি। ১৬ আঘোণৰপৰা সৌমাৰৰ পূৰ্ব্ব এক খণ্ডত ৰজা হল। তেওঁ আহোঁতে, ওপৰ খামজাঙ্গত নগা প্ৰভৃতিক জিকি সীমা কৰি, লগৰে বৰ গোঁহাইৰ ডেকা এজনক গাওঁখোৱা পাতিলে, আরু সেই গাওঁৰে উৎপন্ন বস্তুৰে চৈ সোধাই থাকিবলৈ অজ্ঞা দি পাটকাই পালে হি। তাতে নগৰৰে ৰণ হলত, নগাৰ চাঙ্গে সৈতে গৰকি জিকি নামরূপ পালে হি। তাতে এবছৰ থাকি, তিপাম, সলগুৰি, হাবুং, শিমলুগুৰি এইবিলাক ঠায়ে ঠায়ে দুই তিনি বছৰকৈ থাকি, সেই সেই ঠাইৰ নীতিধাৰা বুজি চৰাইদেওত নগৰ কৰিলে। ১১৬৪