পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৬৫ ]
 

হল। সুন্দৰী চিকুণ সাজেৰে সজ্জিতা, আৰু প্ৰদীপ্ত ৰত্নাদিৰে অলঙ্কৃতা হল, আরু তেওঁ হাতত এৰি বৰমাল্য ললে । তেওঁ তাক যাৰ কণ্ঠত পিন্ধাব, সেই সুভগীয়া পুরুষেই তেওঁৰ স্বামী হব। তেতিয়া বামুণবিলাকে দেৱতাৰ মহিমা-কীৰ্ত্তন কৰি শ্লোক গাবলৈ ধৰিলে, আরু স্তুতিবাদেৰে আকাশ পৰিপূৰ্ণ কৰিলে। ইয়াৰ পাচত, দ্রৌপদীৰ ককায়েক ধৃষ্টদ্যুম্ন ভনীয়েকৰ কাষত থিয় হৈ কবলৈ ধৰিলে। গোটেই সভা নিমাত হল। তেওঁ ঘােষণা কৰিলে, যেয়ে বাণপ্ৰয়ােগ কৰি প্ৰথম বাৰতে, সােণালি মাছৰ চকু বিন্ধিব পাৰিব, তেওঁৱে সেই কন্যা পাব। যুবৰাজে তেতিয়া দ্রৌপদীক, এজন-এজনকৈ কন্যা প্রার্থীবিলাকৰ নাম আৰু গােত্র কলে। তেওঁ সভাৰ সকলােকে শুনাই আকৌ ঘোষণা কৰিলে, যেয়ে লক্ষ্য বিন্ধিব, দ্রৌপদীয়ে তেওঁৰে কণ্ঠত মালা পিন্ধাব, আরু সেই দিনৰপৰা দ্রৌপদী তেওঁৰ হব। ধৃষ্টদ্যুম্নে তেতিয়া ৰজা আৰু বীৰবিলাকলৈ চাই কলে:—এয়া দ্রৌপদী—মােৰ ভনী; একেবাৰতে, লক্ষ্য বিন্ধিব পৰা, নিজৰ শক্তি আরু নিপুণতা আছে বুলি যি জানে, তেওঁ উঠি, সয়ম্বৰৰ প্রতিজ্ঞাকাৰ্য্যসাধন কৰোক।

 এই কথাৰ পাচত ৰজাবিলাক আসনৰপৰা উঠিল, আরু সােনালি মাছৰ খুঁটাৰ ওচৰলৈ চাপিল ; চক্র অবিৰাম ঘূৰিবই লাগিছিল। যিখন শকত আরু গধুৰ ধেনুৰে বাণ এৰিব লাগিব, তেওঁবিলাকে তাক ভালকৈ চাই ললে । যদিও প্রত্যেকে আনৰ প্রতি ঈর্ষান্বিত, তথাপি, কোনেও ধেনু তুলিবলৈ সাহ নকৰে, কিজানি চেষ্টা বিফল হয়, আরু তেতিয়া