পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি।

 এনে এসময় আছিল, যেতিয়া অসমীয়া ভাষা মৃত্যু-শয্যাত পৰি আছিল। পাদুৰি চাহাব সকলে, মহৎ আৰু প্ৰেমপূৰ্ণ ভাবৰ দ্বাৰা উৎসাহিত হৈ আহি, তাক নতুন জীৱন দিলে। তেওঁবিলাকৰ এই মোল-নাইকিয়া কামৰ বাবে, আমি সদাই কৃতজ্ঞ থাকিব লাগে। পুথিৰ সামৰণিত, অতি সংক্ষেপেৰে, আসামৰ মিশ্যনাৰি ইতিহাস এটি দিয়া হৈছে।

 ‘শ’, ‘ষ’ আৰু ‘স’ এই কেইটি আখৰৰ সংস্কৃত মাত বুজা- বলৈ, কোনো এটি নতুন চিন উলিয়াবৰ আৱশ্যক হেন দেখা গৈছে। ‘স’ৰ মাত, চ বা ছ, যিটিয়েই শব্দৰ ধাতুঅনুসাৰে শুদ্ধ, তাৰেই বুজাব পাৰি। কিন্তু, তেনে কৰাত, যেতিয়া কোনো শব্দৰ ভিতরুৱা লৰ ঘটিবৰ, বা মূলধাতুৰ বিশেষ বেমেজালি হবৰ সম্ভৱ, তেতিয়া সেই নিয়মটি সুচলমতে লগাব নোৱাৰি। এনেবিলাক কথা ভাবি, ‘শ’, ‘ষ’ আৰু ‘স’ৰ সংস্কৃত মাত বুজা- বলৈ, সেইবিলাকৰ ওপৰত এই চিনটি (`) ব্যৱহাৰ কৰিছোঁ। এই দৰে, ‘চ’ আরু ‘ছ’ৰ স’স্কৃত মাত বুজাবলৈও, এই চিন টিকে গ্ৰহণ কৰিব পাৰি। আৰু, ইংৰাজী Oৰ মাত দেখাবলৈ প্ৰায় এই চিন (’) দিয়া হয়; কিন্তু, ইংৰাজীৰ দৰে, শব্দৰ কোনো এটি আখৰ লুপ্ত হৈ আছে, এই কথা বুজাবলৈ তাৰ প্ৰয়োগ কৰিব লাগে। Oৰ মাত বুজাবলৈ এই চিন (-) লগোৱা উচিত।