মন পালটিল। তেওঁৰ মনক, একেবাৰে কুৰ্চুট, খিয়াল, খং আদিযে অধিকাৰ কৰিলে, আৰু ৰামৰ প্ৰতি যি স্নেহ, মমতা আছিল, তিলেকতে সকলো ধ্বংস পালে।
কৈকেয়ীযে মন্থৰাক উপায় সুধিলত, তাই কলে, “অসুৰ যুজৰ সময়ত মহাৰাজৰ শৰীৰ কাতৰ হোৱাত, তুমি তেওৰ বিস্তৰ শুশ্ৰুষা কৰিলা। তাতে সন্তুষ্ট হৈ, মহাৰাজে তোমাক দুটা বৰ যাচে। সেই দুই বৰেৰেই এতিয়া তোমাৰ বাঞ্ছিত কাম সম্পন্ন হৰ।” এই বুলি মন্থবই, কৈকেয়ীক অভিপ্ৰায- সিদ্ধিৰ উপযোগী বুদ্ধি শিকাই দিলে। কৈকেযীযে গাৰ অল ঙ্কাৰ আদি খহাই, মুখ মোলান আৰু চুল আউলবাউল কৰি মাটিত পৰি, ৰজা আহিবলৈ বাট চাই থাকিল।
দশৰথ আহি, কৈকেয়ীৰ এনে দুৰৱস্থা দেখি বিষাদিত হল, আৰু কোমল কথাৰে কৈকেয়ীক দুখৰ কাৰণ ঘনে ঘনে সুধিবলৈ ধৰিলে। কৈকেয়ীযে এতো কথা নকৈ, অধিক কৈ কপটীয়া কান্দোন কান্দিবলৈ ধৰিলে। চকুলোবে গাল দুখনি তিতিল, আৰু তাত ধূলি লাগি, যেন সৰল, প্ৰেমপূৰ্ণ শোভা হল। তেতিয়া তেওঁৰ মুখখনিয়ে দশৰথৰ হৃদয় কাঢ়ি নিলে। দশৰথে প্ৰতিজ্ঞা কৰি কলে, “সত্যে কৈছোঁ, তোমাক যিহকে লাগে, মই তাকে দিম। তোমাৰ যেনে কি দুখ হওক, মই তাক গুচাম। তুমি চকুলো মুছি মাটিৰপৰা উঠা।” কপটীয়া পদুম-কুলত বিহ ওলাল। কৈকেযীয়ে নিচুকি, ধম্মক সাক্ষী কবি, নিদাৰুণ জিবাৰে কবলৈ ধৰিলে, “মহাৰাজ! যেতিয়া অসুৰ-যুঁজত আপোনাৰ বেদনা হয়, মই আপোনাক সেৱা- যা কৰিবলৈ নথলোঁ। আপুনি প্ৰসন্ন হৈ মোক দুটা বৰ