পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২৩ ]

 যদি পৃথিবীৰ ভিতৰে দি এটা মেৰুরুৰপৰা আনটোলৈ এডাল সৰল ৰেখা টনা যায়,তাৰ দৈৰ্ঘ্য ৭৮১৯ মাইলতকৈ বেচি হব। ইয়াৰ নাম মেরুদণ্ড। যদি পৃথিবীৰ আটাইতকৈ ওখ ভাগ বা বিষুব ৰেখাইদি ভিতৰে ভিতৰে এডাল সৰল ৰেখা ইমুৰৰপৰা সিমূৰলৈ অঁকা যায়, তেনেহলে সেই ৰেখাৰ দৈৰ্ঘ্য ৭৯২৫ মাইলৰ অলপ ওপৰ হব। এই ৰেখাতকৈ মেরুদণ্ডৰ দৈৰ্ঘ্য প্ৰায় চাৰে ছাবিছ মাইল কম।

ঈশ্বৰ-মহিমা।

শোভাত নিমজি উদে সূৰ্য্য কেনে,
ৰঙ্গা বৰ্ণ ধৰি, বেলিপকা যেনে!
দুপৰত পিন্ধে ৰশ্মি-আবৰণ;
প্ৰথৰ তেজেৰে আলোকে ভুবন।


—ক্ৰমে গতি কৰি পছিম-ৰখত,
উপস্থিত হয় সন্ধিয়া-ৰাজ্যত।
পিন্ধে পৰিচ্ছদ মৃদুকান্তি-ঢকা:
শোভে যেন স্বৰ্ণপদুমৰ চকা।


যেতিয়া ৰাতিত উঠে পূৰ্ণজোন,
কি তুলনা তাৰ পাব কেঁচা সোণ!
আকাশ-কুসুম নোহে জানা ভুল-
পুৰ্ণিমাৰ চন্দ্ৰ আকাশৰ ফুল।