ইওৰোপত পাখি-কলমৰ ব্যৱহাৰ, চাৰি শ আৰু পাঁচ শ বছৰৰ ভিতৰৰপৰা চলিছে। ইংলণ্ডত ব্যৱহৃত হোৱা অধিক ভাগ, আয়ৰ্লণ্ড, হেমবৰ্গ, আরু হডচন অন্তৰীপৰপৰা আহি ছিল। আমাৰ দেশত পাখি-কলম প্ৰচলিত হোৱাৰ অনেক কাল হোৱা নাই। আমাৰ মানুহে আগৈয়ে, খাগৰিৰ কলমেৰে লিখিছিল। রুছিয়া আৰু পোলাণ্ড দেশত, কলমৰ নিমিত্তে জাঁকে জাঁকে ৰাজহাঁহ পোহা হয়। সেইবিলাকৰপৰা ইংলণ্ডলৈ অপৰ্যাপ্ত পাখিৰ আমদানী হয়। সেন্ট পিটাৰ্স্বৰ্গৰপৰা ৬ নিযুতৰপৰা ২৭ নিযুত পাখিৰ ৰপ্তানি হয়। কলমৰ নিমিত্তে যিমান ৰাজহাঁহ পোহা হয়, এইদৰে চালে তাক কিছু পৰি মাণে জানিব পৰা যায়। —এখন ডৌকাত পাঁচোটা ভাল পাখি হয়; আরু নিয়মমতে পুহিলে, এটা ৰাজহাঁহৰ বছেৰেকত একুৰি পাখি হয়।
ৰাজহাঁহৰ সরু সরু কুঁহিপাখিবিলাকেৰে, তুলি, নিহালি আদি বস্তু সজা হয়। আগৈযে, মানুহবিলাকে নিমৰমিয়ালকৈ জীয়া ৰাজহাঁহৰ পাখি উঘালিছিল; কিন্তু আজি কালি কতো তেনে ৰীতি নাই। ৰাজহাঁহক মাৰি, তপতে তপতে তাৰ পাখি কাঢ়ি লোৱা হয়, কাৰণ অধিক বেলি হলে, পাখিৰ লেউ- সেউৱাভাৱ নাইকিয়া হয়, আরু সি ঠৰঙ্গা হৈ পৰে।
এতিয়া ৰাজহাহে কোৱা কবিতাটি শুনা যাওক।—
গহীনে মাটিত ভৰি দিওঁ মই,
কেতিয়াও খোজ উত্ৰাৱল নোহে।