বেঁকা আৰু উঠা নমা। মাজে মাজে, ভূস্খলন আৰু পানীৰ প্ৰচণ্ড সোঁতৰ বাবে ভাগি যোৱা অংশবোৰতো আছেই! এফালে যদি ওপৰৰ পৰা শিল খহি পৰাৰ ভয়, আনফালে আক’ খৰস্ৰোতা পৰ্বতীয়া নৈত গাড়ী বাগৰি পৰাৰো ভয়।
গতিকে, গিয়েৰ হয় এক নম্বৰ নহ’লে দুই নম্বৰতহে চলাব পাৰি।
সেইমতে, স্পিডো খুউব বেছি বিশ বা ত্ৰিশ কিল’মিটাৰহে।
হ’ব আৰু, উপায়তো নাই। যেতিয়া পাওঁগৈ, পাম আৰু!
অগত্যা, বাহিৰলৈকে চাই চাই গৈ থাকিলো।
শীতল বতাহত যেন ৰ’দ পুৱাই ৰৈ থকা সৌ সেউজীয়া পাহাৰবোৰ, অ’ত ত’ত গছভৰি ফুলি থকা ৰং-বিৰঙৰ ফুলবোৰ, চঞ্চলা গাভৰুৰ হাঁহিৰ দৰেই খিলখিলাই শব্দ কৰি ধাৰাষাৰে নামি অহা সৰু-ডাঙৰ জলপ্ৰপাতবোৰ, পাহাৰৰ খলপাবোৰত খাজে খাপে সজাই থোৱা ঘৰবোৰ। কি যে সুন্দৰ!
মোৰ দৃঢ় বিশ্বাস, পৃথিৱীত যদি সঁচায়ে সৰগ আছে তেন্তে ইয়াতেই!
আৰু, এইখন স্বৰ্গকে এতিয়া মই চামগৈ সৌ আকাশৰপৰা! আহ্..হা!
“নহ’ব, বুইছে ছাৰ, হাতত বেছি সময় নাই। এতিয়াও দহ কিঃমিঃ মান যাবলৈ আছেই। ইফালে, চাৰিবজাত ফ্লাইং বন্ধ কৰে। কাইলৈ ওলাব!”
কি! কি কৈছে ড্ৰাইভাৰে। এনেকৈ হ’লে দেখোন....
“কি, ছাৰ, কি ভাবিছে?
ঘৰ বাৰী বাদ দিয়ক নহ’লে, থাকিয়েই যাওক ইয়াতে!”
নিজুৱে যেন মোৰ মনৰ কথাখিনিকে বেকত কৰি দিলে।
লিম্বুৰো একেই ভাব-চিন্তা। পাৰিলে, যেন থাকিয়েই যায় ইয়াতে।
তেওঁৰ গাঁৱৰে কিমান মানুহ ইয়াতে স্থায়ী বাসিন্দা হৈ পৰিলহি।
এতিয়াওতো, আমি তেওঁৰ বায়েক-ভিনিহীয়েকৰ আৰিঠাঙৰ ঘৰতে আশ্ৰয় লৈছোঁহি, হোটেল-লজততো থাকিবলগীয়া হোৱা নাই।
নহ’লে, আমাৰতো খৰচৰ আদি-অন্ত নোহোৱা হ’লহেঁতেন।
এনেয়ো, পাহাৰীয়া নগৰবোৰত খৰচ-পাতি যথেষ্ট বেছিয়েই হয়।
গাড়ী-গুৰাৰ ভাড়াও যথেষ্ট বেছি।
কিন্তু, আমাৰে নিশ্চয় ভাগ্য ভাল হ’ল যে গেংটকৰ কুমাৰ গুৰঙে এদিন কইনা বিচাৰি গৈ উৰিয়ামঘাটৰ সুনিতা লিম্বুকে নিজৰ বুলি আঁকোৱালি ল’লেগৈ আৰু তাৰেই সুবিধা লৈ আজি আমি তেওঁলোকৰ ঘৰৰে এটা কোঠা সম্পূৰ্ণৰূপে দখল কৰি ল’বহি পাৰিছোঁ। যেন, ই মিতিৰ হোৱাৰে জৰিমনা!
দখল কৰা বুলি কৈছোঁ যদিও প্ৰথমে কিন্তু কথাটো মোৰ মনত বে-