প্ৰতিধ্বনি
তাহানি, প্ৰাথমিক বিদ্যালয়ত পঢ়িথকাৰ দিনত, প্ৰাকৃতিক দৃশ্য আঁকিবলৈ দিলেই চিধাই আঁকিবলৈ লৈছিলো এখনি বিশেষ ছবি : কেইশাৰীমান পাহাৰৰ ওপৰৰ ভগ্ন অংশ এটাৰে আধা ওলাই অহা ৰঙা বেলিটো, V আকৃতিত উৰি থকা কেইটামান চৰাই, এখনি একা-বেঁকা নৈ, তাতে নাৱৰীয়াৰে সৈতে এখন বা দুখন নাও, নাৰিকলগছ দুজোপামান!
বেলেগ ধৰণৰ ছবিৰ কথা মনলৈ নাহেই দেখোন!
লাহে লাহে বয়স বাঢ়ি আহিল, চিন্তা-ভাবনাবোৰো বেলেগ হ’ল।
কিন্তু, প্ৰাকৃতিক দৃশ্য বুলি ক’লে আজিও সেই একেখন ছবিয়েই মনলৈ আহে। আজিও, বাহিৰলৈ ওলালেই হেঁপাহ পলুৱাই চাওঁ নীলা আকাশ খন, দূৰৰ সীমনাত অতন্দ্ৰ প্ৰহৰীৰ দৰে থিয় হৈ থকা নীলা পাহাৰৰ শাৰীবোৰ, পাতলীয়া ডাৱৰত কাড়ৰ দৰে জিলিকি উঠা উদীয়মান বা অস্তায়মান বেলিটোৰ ৰঙচুৱা আভাখিনি, কেতিয়াবা আক’ জাক পাতি উৰি যোৱা চৰাইবোৰ!
মইয়ো যেন লগতে গুচি যাম উৰি উৰি, কোনোবা দূৰ দিগন্তলৈ!
সঁচায়ে, তাহানিৰপৰাই আকাশত উৰিবলৈ কিমান যে হেপাহ!
এইবাৰ কিন্তু, স্কাইডাইভিং কৰিম বুলিয়েই গৈছিলো গেংটকলৈ।
পিছে, শেষ মুহূৰ্তত সাহে নুকুলালে : কিজানিবা পৰি যাওঁ!
মইতো চৰাই নহওঁ যে পৰি গ’লেও পাখি মেলি উৰি যাব পাৰিম!
কৰ্ণ লিম্বুৰ কিন্তু সাহস আছে দেই! তেওঁতো সৌ এক কিল’মিটাৰমান ওখ পাহাৰটোৰ ওপৰৰ পৰা পেৰাচ্যুট পিন্ধি লৈ দিলে জপিয়াই, আৰু আমাৰ মেলা মুখ আৰু অমৰাগুটিৰ দৰেই ডাঙৰ ডাঙৰ হৈ পৰা চকুৰ সমুখতে ঠিক পাঁচমিনিটমানৰ পিছতে আহি উপস্থিত হ’লহি তলৰ ময়দানখনত।
মইতো দস্তুৰমত আচৰিত, ভয় লগা নাছিলনে লিম্বুৰ!
‘প্ৰথমে, অলপ ভয় লাগিছিল হয়, কিন্তু ছোৱালীকেইজনীৰ আগত ভয় কৰি দেখুৱাবলৈ লাজ লাগিল যে!
ওৱাহ ছোৱালী, ওৱাহ! সঁচায়ে, কি যে যাদু ইহঁতৰ!
মাত্ৰ এটা বেঁকা চাৱনি আৰু এক অবোধ্য সংজ্ঞাৰ হাঁহিৰেই ইহঁতে যে