অকণমানি ভতিজাকটোৰ ফুল-কোমল হাতত তাই তুলিহে দিলে, বোলে,
‘মিঠাই খাবা দেই, সোণটো মোৰ!’
মৃণালে ’নালাগে, নালাগে!’ কৰিছিল। তাই কিন্তু নামানিলে।
“হ’ব যাঃ তাকহে দিছোঁ। তোক দিয়া নাই নহয়।”
চৌধুৰীয়ে নাহাঁহি নোৱাৰিলে। কি সুখ! কি শান্তি!
এইয়াই হ’ব। অন্য একো নালাগে তেওঁক। মাথোঁ, ল’ৰা-ছোৱালীহাল এনেকৈ ভালে থাকিলেই হ’ব। ইহঁতহালৰ মৰম চেনেহ কমি নগ’লেই হ’ব।
“হেৰি কৰ নহ’লে! মই ফ্লেট্ টোৰ লেঠা-পিঠাখিনি মাৰি লওঁ, তাৰ পিছতে এদিন আহি দেউতাক লৈ যামহি। এতিয়াই নিলে বয়-বস্তু সামৰোতে কৰোতে অসুবিধাহে হ’ব। গতিকে, এই কেইদিন দেউতা তোৰ লগতে থাকক!
অসুবিধা নহয় চাগে? নে, তই কি কৱ?”
মৃণালৰ কথা শুনি গোটেইজনী একেবাৰে জাঙুৰ খাই উঠিল।
“কি অদ্ভুত কথা কৈছ অ’ তই!
দেউতা মোৰ লগত থাকিলে মোৰ কি অসুবিধাটো হ’ব?”
চৌধুৰীৰ মানে একেবাৰে ’হাঁহিমেই নে কান্দিমেই’, এনে লাগিল।
এৰা, এইবোৰহে ল’ৰা-ছোৱালী! সব ল’ৰা-ছোৱালী ইহঁতহালৰ দৰে হোৱাহেঁতেন সেই দুৰ্ভগীয়া বুঢ়া-বুঢ়ীবোৰৰ খবৰ বাতৰিবোৰ নোলালেইহেঁতেন।
মৃণালৰ ফ্লেট্ কিনাৰ খবৰটো আহিছিল। চৌধুৰীৰ ওঁঠৰ কোণেদি হাঁহি এটা সৰকি গৈছিল। মামনজনীয়েও আনন্দ কৰিছিল।
জোৱায়েও মিঠাই দুটামান আনি সৰু-সুৰা পাৰ্টি এটা দিছিল।
আনৰ সুখ-আনন্দ ভাগ ল’ব জনা মানুহ আছিল তেওঁলোক।
সঁচাই কি যে মূৰ্খ আছিল তেওঁলোক!
কি কথাটোত যে অঁকৰাৰ দৰে হাঁহিছিল, পাৰ্টি কৰিছিল!
তাৰ পিছততো, কথাবোৰ তেওঁ ভবা মতে, আশা কৰা মতে নহ’ল।
এদিন দুদিনকৈ এটা মাহ পাৰ হ’ল। দুটা মাহ পাৰ হ’ল।
নাই, মৃণাল নাহিল। ফোনকল এটাও নহা হ’ল।
এদিন, মামনে ফোন কৰিছিল। কিন্তু, বোৱাৰীয়েহে ফোনটো ধৰিলে।
সি বোলে ফোনটো চাৰ্জত দি বজাৰলৈ ওলাই গৈছিল।
সি আহিলে কথাটো ক’বলৈ কৈ তাই নিজৰ কামত লাগিল।
বিশেষ চিন্তা নকৰিলে।
হ’ব পাৰে। ফোনটো চাৰ্জত দি বজাৰলৈ যাবও পাৰে।