আনকি, টি.ৱি.টোও নবজা হ’ল।
আৰে’ বজাব কোনে? ঘৰখনত আছে কোন?
ঘৰখনত থাকিবলৈ তেওঁৰ একেবাৰেই ভাল নলগা হ’ল।
ইমান নিজান! ইমান নিস্তব্ধ!
তেওঁৰ এনে লাগিবলৈ ধৰিলে, এই যেন পৰ্দা ঠেলি মানুহজনী ওলাই আহিব, এই যেন তেওঁক একাপ চাহ দিব, এই যেন বজাৰৰ বেগটো আগবঢ়াই দি ক’ব, ‘পাচলি চাচলি একো নাই দেই! বজাৰৰ পৰাই আহকগৈ নেকি!
কিন্তু নাই। কোনো নাই। একো নাই। সব উদং!
নাই নাই, এনেকৈ তেওঁ থাকিব নোৱাৰে। অইনৰ কথা তেওঁ ক’ব নোৱাৰে, কিন্তু তেওঁ যে নোৱাৰে, খাটাং। তেওঁ ইমান উদাসীন হ’ব নোৱাৰে। তেওঁ পাগল হৈ যাবলৈকো আছে। পাই হেৰুওৱাৰ দুখ সহ্য কৰা টান।
কিন্তু, তেওঁ কৰেনো কি বাৰু?
বিকল্প মাথোঁ দুটাই আছে : এটা মৃণাল আৰু আনটো মামন।
তাতো অৱশ্যে, অসুবিধা নথকা নহয়।
মৃণাল আছেগৈ দূৰৈত। বহু দূৰৈত!
তাতে, তাৰ ভাড়াঘৰহে। সৰু ঘৰ! মাত্ৰ দুটা কোঠাহে হেনো।
আকৌ, তাৰ পৰিয়ালো বাঢ়িল। ল’ৰা-পোৱালি এটাও আছে নহয়।
ইপিনে, মামনতো বিয়া দিয়া ছোৱালী।
জোৱায়েও বা কি ভাবে, কি কয়?
তাতে, তাইয়ো নতুনকৈ মাক হৈছে।
তাইকে সহায় সাৰথি এটা লাগেহে।
তাই অকলে অকলেনো কিমান কি কৰিব।
কিমাননো বয়স হৈছে তাইৰ!
আচলতে, তাইক প্ৰয়োজন হৈছিল মাকজনীৰহে, বুঢ়া দেউতাকটোৰ নহয়। বুঢ়া মানুহবোৰো আচলতে কেঁচুৱায়েই। সঁচা কথা ক’বলৈ হ’লে, দুটা কেঁচুৱাৰ জঞ্জাল সামৰিবলৈ তাইৰ অসুবিধাহে হ’ব।
কথাটো তেওঁ নিজেই বুজি পায়। আনে বুজাই দিবই নালাগে।
পিছে, চৌধুৰীয়ে চিন্তাটো কৰিবলগীয়া নহ’ল। মামনে নিজেই তেওঁক লগত লৈ যোৱাৰ প্ৰস্তাৱ আগবঢ়ালে। কথাটোত মৃণালেও সন্মতি জনালে।
“কেইদিনমান তোৰ লগতে ৰাখচোন বাৰু! মইয়ো চাওঁচোন, কি কৰিব
পাৰো। মানে, ফ্লেট এটা চাইছোঁ। ল’ব পাৰিলেই দেউতাক লগতে লৈয়েই যাম