তেওঁলোকক মই ক’ব পাৰিমনে যে মোৰ মা, যাক তেওঁলোকে, তেওঁলোকে কিয় সৌ সিদিনালৈকে মই নিজেও এগৰাকী দেৱী বুলি জ্ঞান কৰি আছিলো, সেই মায়েই আমাৰ ঘৰখন এখন নৰক কৰি তুলিলে! আৰু শেষত, নিজৰ নাক- কাণ বচাবৰ বাবেই মই ঘৰৰ পৰা ওলালো বা আপুনি ক’বৰ দৰে, পলালো।
“মইতো তেনেকৈ কাহানিও...”
আচ্ছা, সঁচা কথাবোৰকে ক’লোৱেই যেনিবা, বুজিব কোনে?
অইনৰ কথা বাৰু বাদেই, আপুনিয়োতো মোক বুজিবলৈ চেষ্টা কৰা দেখা নাই। আপুনিয়োতো কয়, মইহে ভুল কৰিলো বুলি। কিন্তু, কি ভুল?
“কেতিয়া ক’লোনো? মইতো...”
হয়, মই মাৰ পচন্দ অপচন্দক গুৰুত্ব নিদি মণিক বিয়া কৰালো।
কিন্তু মই কৰোনো কি?
মাৰ কথামতে তাইক এৰি আনক বিয়া কৰোৱাৰ কথা মই ভাবিবও নোৱাৰিলো। তাইক অন্যায় কৰাৰ কথা মই ভাবিব নোৱাৰিলো।
কিন্তু, তাইক পলুৱাই অনাওতো নাছিলো।
দহৰাইজক সাক্ষী কৰি, সামাজিক প্ৰথামতেই বিয়া কৰাই আনিছিলো।
আপুনি নিজেই দেখিছিল মায়ে কেনেকৈ জোৰোণ দিয়াৰ পৰা কইনাক দুৱাৰমুখত আদৰালৈকে সকলোখিনি কৰিছিল।
সেইদিনা মাৰ হাঁহিভৰা মুখখন দেখাৰ পাছত মইনো বাৰু কেনেকৈ অনুমান কৰিব পাৰো যে মায়ে মনতে এক প্ৰতিশোধৰ ভাব পুহি ৰাখিছিল! প্ৰতিশোধ! তাকো, মোৰ ওপৰত! নিজৰ একমাত্ৰ পুতেকৰ ওপৰত!
চাওক মামা, মই মণিক চিনি পাওঁ, বুজিও পাওঁ।
দুখীয়াঘৰৰ সন্তান হোৱাৰ বাহিৰে তাইৰ অন্য দোষ নাই।
স্বাস্থ্যপাতি ভাল, স্বভাৱ চৰিত্ৰ ভাল, ব্যৱহাৰপাতি ভাল, শিক্ষাদীক্ষাও আছে। আটাইতকৈ ডাঙৰ কথাটো হ’ল, মই তাইক বিচাৰোঁ আৰু তাইয়ো মোক বিচাৰে। আৰুনো লাগে কি?
হয়, তাইৰ গাত আভিজাত্যৰ চাপ নাই।
কিন্তু, মইতো তাইৰ গাত বিচাৰিবলৈ যোৱা নাই সেই ফোপোলা আভিজাত্যৰ ক’লীয়া ছাপ!
মইয়ে যদি বিচৰা নাই, তেন্তে মাৰ গাটো ফৰ্ ৰাইছে কিয়?
মায়ে বিচাৰিব কিয়? কি যুক্তিত?
হয়, মায়ে আভিজাত্যৰ মাজতেই জীৱনটো কটালে, আৰু আজিলৈকে