পৃষ্ঠা:সান্ধ্যভ্ৰমণ.pdf/৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 কিমানে মানসিক ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি অৱশেষত আত্মহত্যাৰ পথো বাছি লয়। পিছে, কাৰনো কি আহে যায়?

 কোন দুৰ্ভগীয়া ক’ত থাকে, ক’ত মৰে কাৰ কি দৰকাৰ?

 খুউব বেছি, নিউজ চেনেলবোৰৰ বাবে নিউজ-আইটেম এটা হয়।

 কথাবোৰ এনেকুৱাই, নহয় জানো?

 ইয়াৰোতো কথাবোৰ চাগে...

 হাত দুখনেৰে মুখখন মহাৰি মহাৰি মৃণালে অলপ হঁহাৰ দৰে কৰিলে।

 চলিহাৰ মানে হাঁহিবলৈকো অসুবিধা হ’ল। কিয়বা হাঁহিছে ই?

 “ইয়াৰে ছোৱালী ছাৰ!

 আপোনালোকৰ কলেজৰপৰাই বি এ পাছ কৰিছিল।”

( ৰচনা কাল : চেপ্তেম্বৰ,২০০৮)

৫৮