থানাত গোচৰ ৰুজু। সবিশেষ সন্ধিয়া ৭ত।
ইপিনে, তুমি একো ক’বই নোৱাৰা!
লগে লগে, একাংশ উত্তেজিত ৰাইজৰ আক্ৰমণত লণ্ডভণ্ড হ’লহেঁতেন তোমাৰ ঘৰ-দুৱাৰ!
মাৰ-পিট কৰি চুলি কাটি দিলেহেঁতেন তোমাৰ মা আৰু ভনীৰ।
সমগ্ৰ দৃশ্য হ’লহেঁতেন কেমেৰাত বন্দী।
তোমাক বচাবলৈ আহিব কোন?
সব তোমাৰ বিৰুদ্ধেই যাব। সবে তোমাৰ বিৰুদ্ধেই ক’ব।
তুমি তাইক কিমান অত্যাচাৰ কৰাৰ বাবে তাই শেষত উপায়বিহীন হৈহে এই সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল, তাৰ বিশ্বাসযোগ্য বৰ্ণনা দিব।
কি কৰিবা তুমি? ক’বা কি?
তোমাৰ কথা শুনিব কোনে?
টি-ৱিত দিনৌ নিউজবোৰ নেদেখা?
ভাল বাচিলা দেই মৃণাল তুমি!
আচ্ছা, হেৰি নহয়, ইমান চিনি নেপালেনে দৰবটো?
নামটোও পঢ়ি নাচালেনে?
ক’ৰ ছোৱালীহে’? পঢ়া-শুনা একা?”
চাহৰ কাপটো চোতালতে থৈ মৃণালে দুয়োখন হাতেৰে মুখখন অলপ মহাৰি ল’লে। লগতে, এৰি দিলে এটা হুমুনিয়াহ!
চলিহাই তাৰফালে একান্তমনেৰে চাইয়ে থাকিল।
সৰু ল’ৰা! কিমাননো বয়স হ’ব ইয়াৰ? পচিশ? চাব্বিছ? সাতাইশ?
যৌৱনৰ তাগিদাত আনিলে চাগে কোনোবা এজনী।
জীৱন দেখাই নাছিল। সংসাৰ দেখাই নাছিল। নাৰী-মনস্তত্বৰ বিষয়ে একো জনাই নাছিল। চেম্পো কৰা চুলিৰ বাহাৰ দেখি, লিপষ্টিক লগোৱা ওঁঠৰ মন ভুলোৱা হাঁহি দেখি চাগে পাগলেই হৈ গ’ল ই! বেচেৰাটো!
মৃণালৰ প্ৰতি সহানুভূতিত তেওঁৰ অন্তৰ যেন গলি গ’ল।
দেহি ঐ! সঁচায় কি জীৱন মানুহৰ!
কেতিয়া যে কিবোৰ ঘটি যায়?
কিমান ডাঙৰ ডাঙৰ ঘটনা একোটাও ঘটি যায়! ক’ৰ মানুহ ক’ত পায়গৈ, ঠিক নাথাকে। অথচ, ভুক্তভোগীয়ে নিজেই গম নাপায় কি ঘটিল, কিয় ঘটিল! ফলটো কিন্তু ভোগ কৰিবই লাগিব।