তাক চিধাই ‘নাই’ বুলি কৈ দিবও নোৱাৰোঁ। কেতিয়াবা মইয়ো তাৰ পৰা ধাৰে লওঁ। কিন্তু, এতিয়া যে মোৰ নিজৰে পকেট প্ৰায় খালী!
তাতে মাৰো গাটো বেয়া বোলে। ভণ্টীকো কিবা এটা দিব লাগে।
কি যে কৰোঁ! কি যে কওঁ!
সেয়েহে বোলো, মই এতিয়া ডিউটিলৈ আহি আছোঁ।
কি কৰিব পাৰো, চাওঁচোন বাৰু, ৰহঃ
আচলতে, চাবলৈ আছেনো কিটো বাৰু!
খুউব বেছি, মইয়ে কাৰোবাৰ পৰা পাঁচ এটা ধাৰলৈ বিচাৰিব লাগিব।
কাৰপৰানো বিচাৰোঁ?
“যোৱাচোন বোপা অলপ সিফালে! মইয়ো বহি লওঁ।”
এজন বৃদ্ধলোক আহি চিট এটা বিচাৰিলে।
মই দেখিলো, সেই ৰূপহীগৰাকীক লাহেকৈ ঠেলা এটা মাৰি দিলে বৃদ্ধজনলৈয়ো চিট এটা সুন্দৰকৈ ওলাব। কি কৰোঁ? ৰিস্কটো লওঁ জানো?
অগত্যা, সেই ৰূপহী আৰু মোৰ মাজতে তেওঁৰ বাবে ঠাই অকণ উলিয়াই দি নিজকে নিৰাপদ অনুভৱ কৰিলো।
এটা সময়ত ট্ৰেইনখন চলিল।
সেই নিৰ্য্যাতিতা ৰূপহী, বৃদ্ধ ভদ্ৰলোক, বাঙ্গালী পৰিয়াল দুটা, বিহাৰী ডেকাল’ৰা দুটা, ভিক্ষাৰী,হ’কাৰ, হিজ্ ৰা, ভজাবুট আৰু মিচলচানাৰ অসহ্য গোন্ধৰ মাজতে হেঁচা-টেপা খাই সোমাই থাকিলো।
মন কৰিলো, এটা সময়ত ৰূপহীগৰাকী শান্ত হ’ল।
হে’ডফোনটো কাণত লগাই লৈ চকু মুদি তাই বহি থাকিল।
নিশ্চয়, গান শুনি শুনি কিছুমান কথা পাহৰিবলৈ তাই চেষ্টা কৰিছে।
হঠাৎ, মোৰ কিন্তু এনে লাগিল, সেইজনী যেন আমাৰ বুবুলী!
একেই দেহৰ গঠন, একেই সাজ-সজ্জা, একেই ভাব-ভঙ্গী!
‘মক্বুল ভাল ল’ৰা। সি মোক মৰম কৰে। মইয়ো তাক ভাল পাওঁ। মই তাৰ লগতে আহিছোঁ। মোক বিচাৰি নাহিবি!’ - বুলি কাগজ এখিলাতে লিখি তাইৰ পঢ়া টেবুলতে থৈ আমাৰ বুবুলী এদিন মক্বুলৰ লগত পলাইছিল।
কোন এই মক্বুল? তাই তাক লগ পালে কেনেকৈ?
ভাগিনটোৰ ফোন পায়েই মই ঢপলিয়াই গ’লো।
দেখিলো, ঘৰখনত হাহাকাৰ পৰিস্থিতি!
কন্দা-কটা, গালি-গালাজ, দম-ভাবুকি!