যদি কাৰোবাক দায়ী কৰিবলগীয়া হয়, তেন্তে মই মোৰ মা-দেউতাকে কৰিম। আনে কি কয়, মই ক’ব নোৱাৰোঁ।
ভাবিছিলো, ভণ্টীয়েও যিহেতু চাকৰি এটা পাইছে, তাইৰ বাবেও দৰা এটা এতিয়া নিশ্চয় ওলাব। আজিৰ যুগত চাকৰি কৰা ছোৱালী এজনী বিয়া কৰাবলৈ কোন আগবাঢ়ি নাহিব?
দেখিছোঁ নহয়, দোৰ্ঘোৰ প্ৰেম কৰি, যৌতুক পৰ্য্যন্ত নালাগে বুলি কোৱা মহান প্ৰেমিককেইটাইয়ো পিছত ঘৈনিয়েকহঁতক চাকৰি একোটাত যেনেতেনে হ’লেও, কাৰোবাৰ ভৰিত ধৰি হ’লেও, ঘোচ দি হ’লেও, সুমুৱাই দিবৰ বাবে কি কি যে নকৰে!
অন্য উপায় নাপালে শেষত স্থানীয় প্ৰাইভেট স্কুল এখনত হ’লেও সুমুৱাই লৈ ৯ বজাত থ’বগৈ, ১২ বজাত টিফিন খুৱাবগৈ আৰু ৩ বজাত আনিবগৈও। ইমপ্ৰেচড্!!
যুক্তিও দেধাৰ দেখুৱায় বেটাহঁতে!
ঘৰত এনেই এনেই সোমাই থাকি থাকি ওৱাইফৰ মন চন্ বোলে এক্দম বেয়া হৈ গৈছে।
হয়তো, হ’বও পাৰে। নহ’ব বুলি নকওঁ।
কিন্তু, তাৰ মাজতো কিবা এটা থাকি যায়, দিয়কচোন।
বাৰু যিয়েই নহওক, মনতে ইমানবোৰ প্লেন-প্ৰগ্ৰেম কৰি থাকিলো, কিন্তু, সিদিনা পিছে শুনিলো কি! ভণ্টীয়ে বোলে চাকৰিটো এৰি দিব।
এৰি দিব! কি ভাবিছে তাই? পাগলী হোৱা নাইতো?
তেনেকুৱা কৰিলে তাইক বিয়া কৰাব কোনে?
লগে লগে, মালৈফোনটো লগালো, “হেৰি নহয় মা! কি হ’ল এইৰ?”
কিন্তু ই কি? মায়েও দেখোন তাইৰ পক্ষ লৈহে কথাবোৰ কৈছে!
মানে, মায়েও দেখোন তাই চাকৰিটো কৰি থকাটো বিচৰা নাই।
ঠাইখন হেনো একেবাৰে ভাল নহয়। মেইন ৰাস্তাৰপৰা পাঁচ নে ছয় কিল’মিটাৰমান সোমাব লাগে। তাকো, ৰাস্তা-ঘাটবোৰ একেবাৰে তথৈবচ। ভগা- চিগা। বাৰিষা হয় বোকা আৰু খৰালি হয় ধুলি। গাড়ী-মটৰৰ আহযাহ নাই। মাজতে আধাকিল’মিটাৰমান ডাঠ হাবি এখনো পাৰ হৈ যাব লাগে। বাঘ-চাঘ ওলায় বুলি তাইৰ হেনো ভয়তে জীৱ ওলাই যাব যেনহে লাগে।
সিদিনা, তাৰে কোনোবা থাপা উপাধিৰ এজনক হেনো বাঘে ডিঙিতে
কামুৰি ধৰি লৈয়েই গ’ল। তেওঁৰ ভায়েকজনে তেওঁক বচাবলৈ যাওঁতে তেওঁকো