ঠিক। বৰপেটটো দেখি নিশ্চয় সকলোৰে খিয়াল লাগে। কিন্তু খিয়াল
লাগিলে কি হব, ডাঙৰীয়াই কিবা তেওঁৰ বেচেৰা বৰপেট ডোখৰক
তামোল পানৰ শৰাই দি মাতি আনিছিলগৈনে কি? সি পূৰ্ব্বজন্মৰ
পুণ্যৰ ফলত হোৱা বস্তু।
ডাঙৰীয়াৰ মৌজাতো ঘৰ আছে, নগৰতো ঘৰ আছে। ডাঙৰীয়াৰ
মৌজালৈ গলে মৌজাৰ মাটি তলৰপৰা ওপৰ হয়, নগৰলৈ আহিলে নগৰৰ
মাটিৰো সেই দশা হয়। অন্ততঃ তেনে হয় বুলি ডাঙৰীয়াই নিজে ভাবে।
বৰচাহাব মফস্বললৈ গলে মৌজাদাৰ ডাঙৰীয়াৰ কপাল ফুলে বুলি শুনা যায়।
একেবাৰেই হেনো এবছৰলৈ ডাঙৰীয়াৰ নিজ খোৰাকৰ দুখ গুচে। ৰায়-
জৰপৰা বিনামূলীয়াকৈ আদায় কৰা ৰচত বৰচাহাবলৈ যদি এগুণ যায়,
ডাঙৰীয়াৰ ভড়ালত হাতৰ-পাচ তাৰ ৯ গুণ বৈ যায়। কুলি ধৰাতো
ডাঙৰীয়া হেনো কালান্তক যম। এই অমৃতক্ষণ পৰিলে হেনো, ডাঙৰীয়াৰ
‘আখেজ”ৰ ডাঙৰ খালবিলাকত ধুমাধুমিকৈ মাটি পৰি পোট খাই যায়।
ভদায়ে দিনটোত পাঁচোট দণ্ডবৎ কৰি পাঁচবাৰ ডাঙৰীয়াক ‘দেউতাঈশ্বৰ’
নুবুলিলে, “বাৰু দেখা যাব।” ৰূদায়ে তাৰ বাৰীত হোৱা সোন্দা কল
থোকা ডাঙৰীয়ালৈ পঠিয়াই নিদি, তাৰে বৰসবাহ কৰিলে, “বাৰু তই থাক,
তই কেনে ৰূদাই ওলাইছ দেখিম।” ঘিণায়ে ডাঙৰীয়াৰ জীয়েকৰ বিয়ালৈ
পাঁচ ঘট গাখীৰ দিম বুনি তিনিঘট দিলে “তই দিনদেক বাট চা।”
ডাঙৰীয়াই লোকৰপৰা বৰঙ্গণি তুলি নিজৰ নামে নিজৰ ঘৰত কৰা
কালী পূজালৈ, পানীৰমে তিনিপুৰা কোমলচাউলৰ ঠাইত দুপুৰাহে দিলে,
“পানীৰাম দুদিনমান ৰ তোক পানী কৰিম।”
ৰাজভক্তি ডাঙৰীয়াৰ গাত সোতৰ অনা বিদ্যমান। মন গলে চাহাবৰ
ছাপৰাচীটোৱেও ডাঙৰীয়াৰ হতুৱাই তাৰ ভৰিৰ ফটুৱাইবিলাকত তপত তেল
দিয়াই লব পাৰে। চাহাবৰ ছাপৰাচীৰ আগত পানীত তিতা মেকুৰীটো যেন
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৯৬
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
সাধু-কথাৰ কুঁকি