পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৯১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
ৰতনমুণ্ডা


কান্দিব লাগিছে।নকলেও হব যে, এই ছোৱালীজনীয়েই আমাৰ ৰতনমুণ্ডাৰ জুমুৰী।
 ডিপুটী কমিশ্য়নৰে লাহে লাহে জুমুৰীৰ মুখৰপৰা, আগৰপৰা গুৰিলৈকে গোটেই বৃত্তান্ত উলিয়াই লৈ, তাইক বুজাই-বৰাই আপোন হাতীত তুলি লৈ আহি, নিজে তাইৰ গাৱঁলৈ গৈ তাইক বাপেক মাকক শোধাই দিলে। কিন্তু কি দুখৰ কথা। বাপেক মাকে তাইক নিজৰ ছোৱালী বুলি সাবটী লওক ছাৰি, ভূত বুলি টাঙোন লৈ মাৰিবলৈ উঠিল! সিহঁতে বোলে, “হুজুৰ, আমাৰ ছোৱালী আজি সাদিন হল এটা ডেকা লৰাৰে সৈতে পলাই কৰবালৈ গল। এই জনী নৈৰ পাৰৰ যক্ষিনী, আমাৰ ছোৱালীৰ ৰূপ ধৰি চলিবলৈ আহিছে। কমিশ্যনৰে অনেক বুজাই ও সিহঁতৰ মনৰ ভ্ৰম গুচাব নোৱাৰি, আৰু বনাইৰ ৰজাইও সিহঁতৰ মতে মত দিয়া দেখি, তাইৰ বিপদৰ আশঙ্কা কৰি, তাইক লগত লৈ আহি, ছাই বাচাৰ খ্ৰীষ্টান মিশ্যনৰিৰ বৰ্ডিঙত থৈ দিলে।