ষষ্ঠ অধ্যায়
এদিন খবনাই ৰজা, * ছাইবাচাৰ ডিপুটী কমিশ্যনৰে সৈতে হাতীৰে
মৃগয়া কৰিবলৈ গৈছিল। হাবিত পহু বিচাৰি ফুৰোঁতে হঠাৎ এবাৰ বহুত
দূৰৰ পৰা কান্দোনৰ এটা ধ্বনি আহি তেওঁবিলাকৰ কাণত পৰিল।
ডি, কমিশ্যনৰ - “ওৱেল মহাৰাজ, সেইটো কিহে কান্দিছে শুনিছে?”
ৰজা—“সেইটো হুজুৰ, দেও অৰ্থাৎ ভূতে কান্দিছে।”
ডি, কমিশ্যনৰ – “নাহি নাহি কি ভূতে কান্দিছে, ভূত নাহি হ্যায়।
সেইটো আদমি কান্দিছে।”
ৰজা-“নহয় হজুৰ, এই জঙ্গলত বহুত ভূত আছে।”
ডি, কমিশ্য়নৰ-“ওৱেল মাহুত, বো তৰফ মাতিছে, ওহি তৰফ চলাও 1
ৰজা - “হুজুৰ সেই তৰফ যাব নেলাগে; গলে সেই ভূতে হামিলোকক
মাৰি ফেলাবে।”
কমিশ্যনৰ- “মহাৰাজ, তুমি ভয় নাহি কৰিবে, ভূত নাহি হ্যায়।”
হাতী হাবি ভাঙ্গি এখোজকৈ সেই ফালে যাবলৈ ধৰিলে। ৰজা
বাহাদুৰেও একো নেমাতি অদৃষ্টৰ আৰু হাতীৰ হাতত আপোন ৰাজদেহটো
সমৰ্পণ কৰি, মনে মনে ইষ্টদেৱতাক সুমৰিবলৈ লাগিল।
কমিশ্যনৰ-“মহাৰাজ, তুমি এতনা কঁপিছে কেলৈ? ভয় কৰিছে?
মোৰ গাত নাহি ধৰিবে, হাতীকা হাওদামে ধৰিবে।”
ৰজা – “না-নাহি হজুৰ হামি ভয় কৰা না-নাই।”
অলপ সময়ৰ ভিতৰতে সিবিলাক সেই কান্দোনৰ ঠাইত উপস্থিত হল।
দেখিলে, এজনী কোল ছোৱালীয়ে পানীৰ ফালে চাই, এটা জুৰীৰ পাৰতে
শিল এডোখৰৰ ওপৰত বহি, আগতে পোৰামঙ্গহ ডোখৰচেৰেক লৈ বিনাই
- বনাই—ছোটনাগপুৰৰ তলৰ এখন কৰতলীয়া ৰাজ্য।