সন্মান ৰক্ষা কৰি নামাকৰণ কৰা নহয়। চ'তৰ কলিকতাৰ দিনত
তো জুয়েই, ৰাতিও জুহাল। এনে চ'ত মহীয়া এনিশাত, শোৱনী-
ঘৰত শুব নোৱাৰি ভালকৈ বাঁ-বলা বাহিৰৰ চৰাঘৰত আহি শুবৰ
আয়োজন কৰা গল। উপজিবৰে পৰা এই বয়সলৈকে টোপনিৰ,
আশয় পাব নোৱাৰিলো। কেতিয়াবা নেমাতিলেও আহি টোপ-
নিসঃৰে, কেতিয়াবা আহিবলৈ কুতুৰি মাতি থাকিলেও টোপনিৰে
সৈতে দেখা সাক্ষাৎ নহয়। আমাৰ সময় অসময়ৰ সুবিধা অসুবিধা
বুজা অভ্যাস টোপনিৰ সমূলী নাই।সংক্ষেপতে কবলৈ গলে
টোপনিৰ সৈতে আমাৰ সম্বন্ধটো প্ৰণয় বা সদ্ভাবৰ সম্বন্ধ নহয়,
“মামলা-মোকৰ্দ্দমা” বা “গোচৰ-ফৰিয়াদৰ সম্বন্ধ"। আদালতত গোচৰ
কৰি বিবাহিতা তিৰোতা “ডিক্ৰি” পাই সেই তিৰোতাৰে সৈতে
কৰা গৃহবাস, যেনে নাহোঁ বুলিলে, কানি-ভাং-ফটিকাৰ আদালতত
ডিক্ৰি পাই অন্য টোপনিৰে সৈতে কৰা গৃহবাসো তেনে।
শোৱা পাটীত পৰি বাট চাই আছোঁ, টোপনি আহিব, টোপনি
আহিব –টোপনি নাই! “মোৰ সোণ, মোৰ মইনা টোপনি আঁহা, কাবৌ
কৈ মাতিছো, টোপনিৰ গায়েই নলৰে। হঠাৎ মনত পৰিল, তাহানি
ছাতৰ অৱস্থাত পঢ়িবলৈ কিতাপ মেলিলেই টোপনিয়ে দেখোঁ
হেচা মাৰি ধৰেহি, এতিয়াও সেই বুধি নকৰোঁ কিয়? উঠি চাকিটো
বঢ়াই দি কিতাপ এটা মেলি ললো! হায়! সেই ৰামো গল,
অযোধ্যাপুৰীও গল। সেই সুখৰ ছাতৰীয়া টোপনি আৰু নাই।
কিতাপ মেলিলেই যে টোপনি আহে এই কথা সেই কালৰ মোৰ
এনে ডাঠ বিশ্বাস অছিল যে, কোনো বয়সীয়া মানুহক টোপনি
নাহে বুলি কবৰ শুনিলে কিতাপ মেলি লবলৈ পৰামৰ্শ দিছিলো।
আৰু নিদ্ৰাশূণ্য় দুৰ্ভগীয়া সৰ্ব্বসাধাৰণৰ উপকাৰৰ অৰ্থে,