পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ডাক্তৰ বাবুৰ সাধু

 অলপ ধতুৱা মানুহৰ পক্ষে পূজাৰ সময়ত কলিকতাত টিকা টান। একেই কলিকতীয়া কলিকতা-বুঢ়ী নিতৌ নাচনিয়াৰ, তাতে আহিল নাতিনীয়েকৰ বিয়া দুৰ্গাপূজা, আৰু বুঢ়ীক পায় কোনে? গা সাতখন আঠখন! চাৰিওফালে ঢোলৰ কোব, পেঁপাৰ মাত, গাড়ীৰ ঘৰ্ ঘৰণি আৰু বস্তু বেচোঁতা মানুহৰ চিয়ঁৰ মিলি এক প্ৰকাণ্ড উৰ্মি-ৰোল উঠিল। ঘৰৰ ভিতৰত সোমাই থাকিও ৰক্ষা পোৱা নেযায়। বঙ্গোপসাগৰৰ প্ৰচণ্ড ধুমুহা বতাহৰ কোব আৰু পৰ্ব্বত প্ৰমাণ ঢৌৰ হেন্দোল-দোপৰ হাত সাৰিবৰ অভিপ্ৰায়ে, তাৰ ওপঙি ৰোৱা “জাহাজৰ” কেবিনৰ ভিতৰত দুৱাৰ মাৰি সোমাই থকা যেনে, দুৱাৰত ডাং দি, ডুখৰি-পিৰাত দুখীয়া দেহ ডোখৰ সমৰ্পণ কৰি, এই পূজা-হেন্দোলনিৰ হাত সাৰোঁ বুলি, কলিকতাৰ ঘৰৰ ভিতৰত সোমাই থাকিবলৈ যোৱাও তেনে। বজাৰত বস্তু কিনিবৈ গলে দোকানী পোহাৰিয়ে মানুহৰ তেজৰ সোৱাদ পোৱা বাঘৰ নিচিনাকৈ কিনোতাক গিলি থব খোজে। ঘৰত, চাকৰ-নাকৰ লৰা-ছোৱালীৰ পৰা চাঙ-তলৰ মেকুৰীটোলৈকে সকলোৱে দে দে লগায়। আন কি, চৰকাৰী ডাক-হৰকৰা, আৰু গোটেইটো-বছৰ-দুস্প্ৰাপ্য-ধুমকেতু পুলিচৰ পাহাৰা ওৱালাই ও কৰবাৰ পৰা ঘপহকৰে “হাওঁ-মাওঁ-খাও” কৰি ওলাই দীঘল ওলোটা চালাম দি, বোলে “হুজুৰ, পূজাকা বকি্চচ,!” এটাইতকৈ চৰা কলিকতাৰ ঠিকাগাড়ীৰ গাৰোৱান কেইটা। কিবা এটা পৰ্ব্ব-তৰ্ব্বৰ গোন্ধ ইহঁতৰ নাকেদি পেটত সোমালে, ইহঁতৰ “আ”টোও ডাঙৰ হয়,পেটটো ডাঙৰ হয়। পূজাৰ পোন্ধৰ কুৰি দিন মানৰ আগৰে পৰা ইহঁত ইমান কৈ “আ” কৰি মুখখন মেলে যে, নেজ শূড় আৰু দাঁতে সৈতে দঁতাল হাতী