পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
জয়ন্তী


নাম দিব পাৰে? জয়ন্তীয়ে। দশম, কীৰ্ত্তন, ঘোষা, ৰত্নাৱলী প্ৰভৃতি পুথিবিলাকৰ কথা, ৰংপুৰৰ ভিতৰত কোন ছোৱালীৰ জিভাৰ আগত? শুনিবা জয়ন্তীৰ। গা ধুই মূৰ আচুৰি, কপালত সেন্দুৰৰ ফোট, কাণত কেৰু, ডিঙিত মণি, হাতত খাৰু আৰু বগা পাটৰ ৰিহা-মেখেলা পিন্ধি হাত জোৰকৈ বাল সূৰ্যৰ সেই বৰণীয় কান্তি ধ্যান কৰিবৰ সময়ত বশিষ্ঠজায়া অৰুন্ধতীৰ নিচিনা সুন্দৰী দেখুৱায় কাক? স্বীকাৰ কৰিব লাগিব, ৰমানাথ বৰুৱাৰ ষোল বছৰীয়া সহধৰ্ম্মিনী শ্ৰমতী জয়ন্তী দেৱীক। সঁচাসঁচিকৈয়ে ৰমানাথ বৰুৱাৰ পত্নী শ্ৰীমতী জয়ন্তী দেৱী পুৰণি আসামৰ ৰাজধানী ৰংপুৰ নগৰৰ মাজত সাবিত্ৰীৰ নিচিনা সতী, কমলাৰ নিচিনা সুন্দৰী, শচীৰ দৰে সৌভাগ্যৱতী বুলি ৰাষ্ট্ৰ আছিল।

দ্বিতীয় অধ্য়ায়

 আজি প্ৰায় এক শতিকা হবলগীয়া হল, অসম দেশ মানৰ দ্বাৰাই তিনিবাৰ আক্ৰান্ত হয়। তৃতীয় বাৰৰ আক্ৰমণ অতি ভীষণ। এইবাৰ অসম দেশে ব্ৰহ্মৰজাৰ সৈন্যৰ দ্বাৰা অধিকৃত হৈ স্বাধীনতা-ফুলৰ মালা ডিঙিৰ পৰা দলিয়াই পেলাই পৰাধীনতা-লোৰ শিকলি ভৰিত পিন্ধে। মানৰ গোৰোহনিয়ে স্বাধীন অসমৰ ওখ মূৰ দোৱাঁয়। আহোম ৰজাৰ গৌৰৱ ৰবি চিৰকাললৈ অস্ত যায়। ছশ বছৰ অকণ্টকা ৰাজ্য ভোগৰ পিছত সৌমাৰ-বিজেতা অহোম ৰজা চুকাফাৰ বংশধৰ সকল বাটৰ মগণিয়াৰ হ'ল। ১৭৪২ শকৰ ২ চ'তৰ পৰা ১৭৪৭ শকৰ ২১ মাঘলৈকে নৃশংস ব্ৰহ্মবাসীহঁতৰ অত্যাচাৰ নিষ্ঠুৰতা হত্যা আৰু লুটপাত আদিৰে অসম লালকাল আৰু জুৰুলা হয়।শেষত,