ছোৱালীজনী বিয়া দি, পো দুটাক লিখা পঢ়া শিকাই ডাঙৰ দীঘল কৰি
বিয়া বাৰু দি দুজনী বোৱাৰী ঘৰলৈ আনিলো। এনেতে মোৰ পৰিবাৰ
মৰে। মোৰ দুৰ্দ্দশাৰ দ্বিতীয় আধ্যাৰ আৰম্ভ এই খিনিতে। বুঢ়া কালত
তিৰোতা মৰি যোৱা বৰ কষ্টকৰ। স্ত্ৰী শোকত কাঁতৰ হৈ মোৰ মনত
বৈৰাগ্য উপজিল। সহধৰ্ম্মিনী বিহীন দুখৰ জীৱনৰ শেহভাগ পবিত্ৰধাম
বাৰানসীত কটাবলৈ মনত সঙ্কল্প কৰি, মৰমৰ পো দুটাক মাতি আনি মনৰ
কথা ভাঙি কৈ মোৰ ধন সম্পত্তি যি অছিল সোপাকে সিহঁতক লেখা পঢ়া
কৰি দি লেঠা ছিঙি জৰ্জ্জৰীয়া হলো। কাশীলৈ যাবলৈ উদ্যোগ কৰিছোঁ,
এনেতে টান মৰিয়াত পৰি শৰ্য্যাশায়ী হলো। কিছুদিনৰ পিছত নৰিয়া ভাল
হল, কিন্তু মোৰ মনৰ পৰা কাশীলৈ যোৱাৰ সঙ্কল্প অলপ অলপকৈ কুমলি
যাবলৈ ধৰিলে। দিনকে দিনে পো দুটিৰ মায়াই মোক টানকৈ বান্ধি
আনিবলৈ ধৰিলে। আৰু মোৰ কাশীলৈ যাবৰ চিন্তা তল পৰি আহিল।
নৰিয়াৰ সময়ত মোৰ ছোৱালীজনীয়ে মোক নথৈ সেৱা-শুশ্ৰদ্ধা কৰিছিল।
তাইৰ যত্নতেই মই শীঘ্ৰে আৰোগ্য হৈ উঠিলো বুলিব লাগে। তাইৰ মৰমে
মোক অনেক পৰিমাণে স্ত্ৰী-শোক পাহৰাই ৰাখিছিল। কিন্তু হায়? ঈশ্বৰে
যাক দণ্ডিব খোজে তাৰ সুখ শান্তি কেনেকৈ হব? মোৰ তিৰোতাৰ মৃত্যুৰ
ঠিক পাঁচমাহৰ পিছত মোৰ ছোৱালীজনী আই ওলাই ঢুকাল! মোৰ
দুৰ্দ্দশাৰ তৃতীয় আধ্যাৰ আৰম্ভ এই খিনিতেই।” এই বুলিয়েই বুঢ়াৰ
কণ্ঠৰোধ হ’ল,লৰাৰ নিচিনাকৈ উচুপি উচুপি কান্দিবলৈ ধৰিলে।
⸻
তৃতীয় অধ্যায়
‘কোৱা বাহুল্য, যে অতিৰিক্ত অপত্যস্নেহেই মোৰ ধবংসৰ মূল। পোনতে প্ৰৱলস্ত্ৰী-শোকত পুৰি-ডেই সকলোবিলাক পৰিত্যাগ কৰি কাশী- বাসী হম বুলি ভাবিছিলো; কিন্তু শোকৰ বল কমাৰ লগে লগে সন্তানৰ