পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
পুত্ৰৱান পিতা


দ্বিতীয় অধ্যায়

 দুপৰ ৰ’দত লেৰেলা পৰা গছৰ পুলিয়ে পানী-দুনি আৰু ছাঁ পাই গধূলি ঠন ধৰা দি, খাই-বই বুঢ়াই অলপ ঠন ধৰিলে। মই লাহে লাহে কুহুলিয়াই কুহুলিয়াই তেওঁৰ আতি-গুৰি লবলৈ ধৰিলো। বুঢ়াই কবলৈ ধৰিলে,-⸺ “ডাঙৰীয়া! মোৰ ঘৰ বৰ্দ্ধমানৰ অম্বিকা-কালনাত। মোৰ বোপাইৰ নাম নয়নচাঁদ মুখুৰ্য্যা আছিল। মোৰ নাম শ্ৰীকৃষ্ণচন্দ্ৰ মুখুৰ্য্যা। বৰ্দ্ধমান ৰজাৰ কাছাৰীত মোৰ পিতাই নায়েবৰ কাম কৰিছিল। পিতাই যদিও ভাঙৰ কাম কৰিছিল, তথাপি ধন সম্পত্তি ৰূপবান বিশেষ তেওঁ একো ৰাখি যাব নোৱাৰিলে। পিতাৰ মৃত্যুৰ পিছত মই ৰাণীগঞ্জ কয়লাৰ কুঠিত চল্লিশ টকা দৰমহাত চাকৰী কৰিছিলো! মোৰ গৰাকীজন পৰম কৃপালু লোক আছিল। তেওঁ আমোলাবিলাকক বাপেকে পুতেকক চেনেহ কৰাদি কৰিছিল। বিধাতাৰ ইচ্ছাত সকলোকে অনাথ কৰি আমাৰ অন্নদাতা যি দিনা অকালত কালৰ গৰাহত পৰিল, হায়! সেই দিনাই মোৰ দুৰ্দ্দশাৰ সূত্ৰপাত হয়। কাৰণ, তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ কয়লাৰ কুঠিত নানা গোলমাল ঘটিবলৈ ধৰিলে আৰু শেহত কুঠি আন গৰাকীৰ হাতলৈ যোৱাত পুৰণি আমোলাবিলাকৰ ভিতৰত ভালেমানৰ চাকৰী গল। সেই চাকৰী যোৱাবিলাকৰ ভিতৰত ময়ো এজন। চাকৰী কৰি যি অলপ অচৰপ ধন সাঁচিছিলো; তাৰেই ঘৰলৈ গৈ মাটি-বাৰী কিনি,খেতি-বাতি কৰি জীৱিকা নিৰ্ব্বাহ কৰিবলৈ ধৰিলো। বৰ পৰিশ্ৰমৰ ফলত মোৰ অৱস্থা ক্ৰমে ভাল হবলৈ ধৰিলে। কালক্ৰমত মোৰ এটা ভাল পকিঘৰ, এটা ডাঙৰ পুখুৰী, এগোহালি গৰু আৰু তিনিটা ধানৰ ভৰাঁল হ'ল। দুটি লৰা, এজনী ছোৱালী আৰু সহধৰ্ম্মিনীৰে সৈতে সুখেৰে গাৱঁৰ ভিতৰত এঘৰ মূখীয়াল মানুহ হৈ কাল কটাবলৈ ধৰিলো। আমৰ গাঁৱতে এটা লৰাৰে সৈতে মোৰ