পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
সাধু-কথাৰ কুকি


 বৰুৱানী- “নেযাবা নেযাবা খং নকৰিবা, মই এতিয়াই কৰিম; এতিয়াই কৰিম।”

 ইয়াৰ পিছত দুয়ো বিদায় হল।

পঞ্চম অধ্যায়

 কাল ৰাতি পূৱাই আহিল। পূবে ফেহুজালি দিলে। কুকুৰাই ডাক দি মানুহক টোপনিৰ পৰা উঠি নিজ নিজ কামত লাগিবলৈ জগাই দিলে। লোকেশ্বৰ বৰুৱাই মোহনিদ্ৰা পৰিহাৰ কৰি, ইষ্ট দেৱতাক সুমৰি হাত মেলি লোটাটো আনি যেই মুখত পানী ঢালিবলৈ ধৰিছে, “হে নেখাব! নেখাব!” বুলি এটা মানুহে বিজুলি-সঞ্চাৰে বৰুৱাৰ শোৱা ছালপিৰাৰ তলৰ পৰা ওলাই আহি তেওঁৰ হাতত ধৰিলে! বৰুৱাই ভয়ানক উছপ খাই থৰ্ থৰ্, কৰে কঁপিবলৈ ধৰিলে; হাতৰ লোটাসৰি মাটিত পৰিল, আৰু ঘৈণীয়েকে সৈতে একে বেলিয়েই “চোৰ ঔ” বুলি গছৰ পাত-সৰা চিয়ঁৰ লগাই দিলে। ততালিকে বৰুৱাৰ বৰঘৰ ওচৰ চুবুৰীয়া মানুহেৰে উপচি পৰিল। চোৰ বান্ধত পৰিল আৰু টকৌপাতৰ ওপৰত বৰষুণৰ শিল পৰাদি তাৰ পিঠিত ঢকাটো ভুকুটো চৰটো গোৰটো পৰিবলৈ ধৰিলে। চকু- চাওঁতেই চাৰিওফালে এক হুলস্থুল কাণ্ড লাগি পৰিল।

 এই চোৰ সকলোৰে চিনাকি। আমাৰো। নকলেও হব যে চক্ৰধৰ ফুকনৰ বংশধৰ পুতেক সেই পশুপতিয়েই এই চোৰ। “মাৰ মাৰ! মাৰ! সিংহৰ পোৱালি শিয়াল হল! ভাল আমৰ পুলি বকৰাণিত গজিল!” অভ্যাগতসকলে মুখত এই কথা আৰু হাতত কিল-ভুকু লৈ পশুপতিক সম্ভাষণ কৰিবলৈ ধৰিলে। “ৰাইজহঁত মোক নেমাৰিবি ঐ। ৰজাৰ শৰণ! মই কি কওঁ আগেয়ে শুন?” পশুপতিৰ এই কাকুতিৰ উত্তৰত সকলোৱে,