মানুহটো—“তেনে হলে তই মোক এৰি যাবলৈ ওলাইছ?”
বৰুৱানী-( চকুৰ লো টুকি) “মইনো কি কৰিম?”
মানুহটো – “কি কৰিবি? বুধি পোৱা নাই?”
বৰুৱানী – “মই তো বিবুধি।”
মানুহটো--“বিবুধি? মই যি কওঁ কৰিবি?”
বৰুৱানী –“কি?”
মানুহটো – “কৰিবি জানো?”
বৰুৱানী -“ কৰিম।”
মানুহটো – “এইখন দাৰে গিৰিয়েৰক এতিয়াই কাটি পেলা?”
বৰুৱানী –“ইস, ৰাম! মই কেনেকৈ মানুহ কাটিম।”
মানুহটো -"কেনেকৈ কাটিবি? বুজিলো তই মোক ভাল নেপাৱ!”
বৰুৱানীয়ে এই কথা শুনি মানুহটোৰ ডিঙিত সাবটি ধৰি কান্দি কবলৈ ধৰিলে,“ প্ৰাণেশ্বৰ! এনে নিদাৰুণ কথা কিয় কলা? মই তোমাক ভাল নেপাওঁ? হৰি হৰি! মই তেন্তে কাৰ মুখ চাই জীয়াই আছোঁ। মানুই কাটিবলৈ মোৰ ভয় লাগে দেখিহে!”
মানুহটো – “ভয় লাগে? বাৰু কাটিব নেলাগে। তোৰ গিৰিয়েৰে ৰাতি পুৱাই পুৱাই আহোতেই নিতৌ উঠি সেই মূৰ-শিতানৰ কাষত থকা লোটাটোৰ পানী খায় নহয়?”
বৰুৱানী – “খায়।”
মানুহটো –“তেন্তে নে এই ডোখৰ বিহ; সেই পানী লোটাত এতিয়াই পেলাই থ।–কি ভাবিছ? কৰিবি নে নকৰ?”
বৰুৱানী – “বাৰু কৰিম।”
মানুহটো-“বাৰু কি? মই জানিছোঁ তই নকৰ। মই তেনেহলে
গুচি যাওঁ।”