পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
সাধু-কথাৰ কুকি


পিৰালিৰ কাষত যদি চুৱাপাতনি পাতিছে, তাৰ গোন্ধ-ভাপ সুগুণ- দুগুণ মহামতি চক্ৰধৰ ফুকনে ভুগিব, তাত আমাৰ লোকচান কি? এই নিমিত্তে সেইবিলাক কথাত বইচ বাইচ আজি আমি 'নকৰন্তি’। এই পৃথিবীত মত দুটা; নিজৰ আৰু লোকৰ। ফুকন ডাঙৰীয়া, লোকৰ মতে, উজনীত এজন লেখৰ মানুহ; আৰু নিজৰ মতে সমনীয়াশূন্য এজন মাথোন অসমীয়া ডাঙৰ মানুহ। কবলৈ পাহৰিছো, ফুকনৰ দৰমহা দেৰকুৰি টকা; আৰু কেয়া-মুদীৰ ঘৰত ধাৰ বাৰকুৰি বাৰ টকা।

 ফুকনৰ পাঁচোটা লৰা পাঁচ ৰকমৰ লেখা পঢ়াত পঢ়িত হল। প্ৰথমটো হাতীৰ মাউত, অৱশ্যে ঘৰৰে হাতীৰ, দ্বিতীয়টো বন-বৰাগী; তৃতীয়টোৰ কথা পাছত কম; চতুৰ্থটো হালোৱা; আৰু পঞ্চম বা নুমলীয়াটো যাত্ৰাগানৰ ওজা।

 তৃতীয়টোৰে সৈতে আমাৰ আজিৰ এই আখ্যানৰ সম্বন্ধ লাগিছে; সেই দেখি আন কেইটাৰ মাজৰ পৰা আমাৰ সম্বন্ধীয়া কুটমক আঁতৰাই লৈ, আমি আজিৰ ইতিহাসৰ বাটত বাট বোলো। ফুকনৰ তৃতীয় লৰাটোৰ নাম পশুপতি । পশুপতিৰ ওপজা ক্ষণত কোন গ্ৰহ বহিছিল, সোৱঁৰণী চাব জনা পণ্ডিতহে কব পাৰে; আমি মাথোন তাৰ ফলাফল এই দেখিছোঁ যে সৰুৰ পৰা তাৰ মন চুৰ কৰাৰ ফালে আওঢলীয়া। মাটি-মিঠা আমগছত চুৰ্ণ যেন টেঙা আম হলে, কেনেকৈ তেনে হল, যেনেকৈ বুজিব নোৱাৰি, ধৰমী চক্ৰধৰ ফুকনৰ তেজৰ পৰা এই পশুপতি, কেনেকৈ হল, ঠিক তেনেকৈ বুজিব নোৱাৰি। অমুক “গৰু-চোৰ” বুলিলে তুমি আমি যি বুজোহঁক, ভাল মানুহৰ লৰা পশুপতি সেয়েই হল। অৱশ্যে একে দিনাই পশুপতিয়ে এই মহাবিদ্যাত বিদগ্ধ বা দগদা উপাধি লভিছিল এনে নহয়; "এদেও দুদেও কৰিহে পশুপতিয়ে লোটা নিবৰ চেও” পাইছিল গৈ; আজি এখোপ কাইলৈ দুখোপকৈ উঠিহে পশুপতিয়ে মূধা ফুটাইছিল। প্ৰথমতে বৰচোৰ, তাৰ পিছত গৰু চোৰ, তাৰ পিছতহে আমাৰ পশুপতি দগধা-চোৰৰ শাৰীলৈ উঠিছিল।