পৰা অসমীয়াক তুলিবলৈ কিবা হেলৌ-হৈছৌ! গীত পদ এফাকি গাই
কেতিয়াবা কোনোবাই নাদত পৰা অসমীয়াক তুলিব পাৰে নে? আনহে
নেলাগে, চিত্ৰসেন গন্ধব্ব ৰজাই আমাৰ ৰজাঘৰীয়া গায়ন বাপী
ওজাইও এনে অসাধ্য সাধন কৰিব পাৰিছিল বুলি শুনা নাই। হায় বিধি!
আমাৰ ভায়াহঁতে গছত গৰু তুলিলে, আৰু হোলোঙৰে কাণ বিন্ধিলে
দেখিছোঁ। পাট নাদত ঘটী পৰিলে লেজুৱেহে টানি তুলিব পাৰি গীতেৰে
নহয়।
প্ৰথমতে,“অহং-একতালা!”হুখৰ বিষয়। কাৰণ,তোমাক ভাঙ্গিব
পাৰিম। দোতালা তেতালা চৌতালাবিলাক হে অমুকাই ভাঙ্গি-
বলৈ টান পায়। একতালা একে মাৰেই ভাঙ্গিব পৰা যাব। সেই বুলি
দোতালাই হওক বা চৌতালাই হওক তাক ভঙ্গা মোৰ যে অভ্যাস নাই
এনে নেভাবিবা । যেনে কি তালাটো হওক মই তাক ভাঙ্গিমেই ভঙ্গিম।
শ্ৰীবিষ্ণু! “একতাল” কি ভুল পঢ়িছিলো?মই বুঢ়া মানুহ বোপাইহঁত,
চকুত চলিহাই ধৰিছে; মোৰ চকুত একেবাৰেই আখৰটোৰ ষোল কলা
উদয় নহয় লাহে লাহেহ । সি যি হওক, একতাল যদি 'উখাহ পালো।
কাৰণ অকলৈ এপাত তাল নেবাজে; গতিকে বুঢ়াৰ মূৰৰ কামোৰণিও
ধৰিবৰ হম্ভৱ নাই। আৰু চোৱাঁ, ব্যাকৰণৰো মান ৰল। কথাখাৰ হুদ্ধ-
একতাল দেখি ‘অহং’ প্ৰয়োগ হৈছে। দুতাল হোৱাহেঁতেন “আবাম”
আৰু তেতাল চৌতাল হোৱাহেঁতেন “বয়ম” হলহেঁতেন।
হইব মন্দোদjহকল, মই একতাল নেবাজে বুলি ভাবিছিলো। কিন্তু
ভাবিলে কি হব! কলি কলীয়া তাল এপাতেই বাজি উঠিছে। শুনঃ-
“উঠা একেচিপে অসমীয়া ভাই।”
“উঠা বহা উজু কাম বুলি মোৰ হলে বিশ্বাস, আনৰ কি কব নোৱাৰোঁ।
কিন্তু অসমীয়া ভায়ে যেতিয়া চিপ মাৰি উঠিব লগীয়াত পৰিছে, তেওঁফালে
দিহা লগিল, বুজিবা! মই কওঁ, এনে অৱস্থাত অসমীয়া ভাই কি জন নুঠাই
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৯৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সাধু-কথাৰ কুকি