ভাষাটো, কানিত অৰুচি হোৱা হিক্ষিত ডেকাসকলৰ যেনেকুৱা বাপতি-
সাহোন কানিত ৰুচি থকা আমি কানীয়া ভকতসকলৰো তেনে বাপতি-
সাহোন। তেওঁবিলাকে আমাক তেওঁবিলাকৰ হভাত লগ নিদিয়ে, আমাৰে
সৈতে নেখেলে, নেলাগে দিব, নেলাগে খেলিব। আমি সুকীয়াকৈ
আমাৰ হবাত ভাখাৰ ভাল কৰিম। আমি কানি খাওঁ, তেওঁলোকে
ফটিকা ভাং খায়। আমি বাটিত মলি খাওঁ, তেওঁলোকে বটলৰ পৰা ঢালি
গিলাচত বাকি খায়। আমি পুৰি খাওঁ, তেওঁলোকে মেৰিয়াই চেলেউকৈ
খায়! এইমাত্ৰ বেলেগ! এনে থলত তেওঁলোকৰ গপটো কিহৰ?
ফাইদাংটো কিহৰ? আমাতকৈ এই ভীমটোকাহঁতৰ বিদ্যা-বুদ্ধিৰটোপোলা-
টোৱেই বা কিমান গধুৰ? অসমীয়া ভাখাৰ উন্নতি কৰিবলৈ তেওঁ
লোকে যেনেকৈ এখন “জোনাকী” উলিয়াইছে, মহাপুৰুষ গুৰুজনৰ
অনুগ্ৰহত আমিও আমাৰ হবাৰ পৰা তেনে এখান পোহৰী” অতি
সোনকালে উলিৱাম, আৰু সি জোনাকীতকৈ বেছি পোহৰ হব!
কালি দুপৰীয়া গৰখাৱৈত পৰি জিলিকি থকা এইখন তেওঁলোকৰ
জোনাকী পাই, শুকাই-উভাই মেলি পঢ়ি চাই তাৰ দুখ-গুণ দেখুৱাই
খমালোচনা কৰি এইখন বৰ্ণনা লেখি আনিছোঁ; অপোনাসকলে কাণ দি
শুনিলে, এটি কানিৰ টিকিৰা পুৰিলে যেনে হন্তোখ পোৱা যায় তেনে হন্তোখ
পাম।
“গৰখাৱৈৰ অনন্ত হয্যাৰ পৰা টোপনি ভাঙ্গি তুলি অনা এই খেন
জোনাকীৰ ওপৰতে লিখা আছে, সপ্তম ভাগ,২য় সংখ্যা, শক ১৮১৮,
মাহ ফাগুণ।” কানি দেখিলে ফুহুৰি উগাৰ উঠা ভায়াসকলে কি লেখিছে
কি মেলিছে, চাওঁ বুলি জোনাকীৰ প্ৰথম পাত মেলিয়েই দেখোঁ, পোনতে
আছে ‘গীত*! কাৰণ বুঢ়া হৈ আমুকাইৰ ধৰমত মতিগতি হৈছে ;
ধৰমৰ আলোচনা দেখিলে মই হন্তোখ পাওঁ।
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৯৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৪
সাধু-কথাৰ কুকি