পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৮৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৮
সাধু-কথাৰ কুকি


নিচিনা এটা আপৰুগীয়া ৰাজভুইগ বস্তু মহাৰাণীৰ অপশ্যে চলে। হেই দেকি কিবা বোলেনে মই পাপ কৰোঁ আমি হকলোৱে পচা তুলি এহেৰ বা আদহেৰ কানি এই দৰ্খাস্তৰ লগে লগে মহাৰাণীলৈ পঠিয়াই দিওঁহক। খাবলৈ পালে কলীয়া গোখইও সন্তুষ্ট হয়,পস্তাপো মই কৰোঁ।নিশ্চয় কানি ভেটি পালে মহাৰাণীয়ে আমাৰ দৰখাস্তৰ ওপৰত ভাল হুকুম দিব। আৰু আমাৰ হভাপতিক হেই দৰখাস্ত লেখিবৰ ভাৰ দিয়া যাওক, এই পস্তাপো ময়ে কৰোঁ।”

 সকলো সভাসদে চাপৰি বজাই হৰিধ্বনি দি প্ৰস্তাপ সমৰ্থন কৰি প্ৰস্তাৱ কৰোঁতাক শলাগিবলৈ ধৰিলে।

 ইয়াৰ পাছত সভাপতিয়ে কাকত কলম লৈ সেই সভাতে সমজুৱা- সকলৰ আগতে এই আৰ্জি লেখিলে।”

 ‘আৰজি মোতালকে দৰখাস্ত মিদং কায্যঞ্চাগে খোদাবান্দাৰ আগত আমি গেলামহঁতৰ এই গোচৰ যে আমি 'অসম মলুকৰ দুখীয়া কানীয়া। ভকত; খোদাবান্দাৰ দয়াত খোদাবান্দাৰ মলুকতে অলপ-অচৰপ কানি। খাই কোনোমতে পেট প্ৰবৰ্ত্তাই পৰি আছোহঁক | শুনিছো বোলে খোদাবান্দাই বিলাতৰ পৰা কটকী পঠিয়াই তদন্তকৰাই আমাৰ কানি খোৱা বন্ধ কৰিব খুজিছে! যদি এই বাতৰি সঁচা হয় তেন্তে আমি ইমানবিলাক দুখীয়া কানীয়া ভকত থিতাতে মৰিলো। আমাৰ নিচিনা মখিক মাৰি শ্ৰীচৰণে হাত কলা কৰিব খুজিছে কেলৈ কব নোৱাৰোঁ। এই দুখীয়া প্ৰজাসকলক শ্ৰীচৰণে পুতৌ নকৰিলে কোনে কৰিব? এতেকে বন্দীহঁতৰ খোদাবান্দাৰ শ্ৰীচৰণত এই প্ৰাৰ্থনা, যেন বন্দীহঁতক মৰিয়াই নেমাৰিব। নতুবা খোদাবান্দাক এমুঠি কানায়া প্ৰাণীৰ বধে ছুব।

 “আমাৰ হিন্দু মানুহৰ বাইবেল শাস্ত্ৰত লেখিছে, শুদাহাতে নযাইবং স্ত্ৰীবুৰাজকুলেষু অৰ্থাৎ ৰাজকুলীয়া তিৰোতা মানুহ ৰজাৰ দুৱাৰলৈ শুদা হাতে