মাজত দোৰ্ঘোৰ ৰণ লাগিল! ৰণত অসুৰবিলাক হাৰি পলাই আহি এই
তেজপুৰ নগৰ পাতি বাস কৰিলে। তেজপুৰৰ কাছাৰী ঘৰৰ ওচৰত যি শিলৰ
খুটা'-চতি পৰি আছে, সেই খুটা-চতি অসুৰৰ ৰজাৰ ঘৰৰ খুটা চতি। তেনে
খুটা-চতি আজি কালিৰ কোনো শিলা-কুটীয়ে কাৰ্টিব নোৱাৰে । শিলাকুটি
গাৱঁৰ গায়ন-বৰাৰ পুতেক মধুৰাম শিলা-কুটীয়েই বৰশিলাকুটী, ইপিনে
পটা-গুটী এটাকে সি ভালকৈ কৰিব নোৱাৰে। গায়নবৰাই ইপিনে পুতে
কৰ গপত ওফন্দি ফুৰে। কিন্তু সিদিনা এটা পটাগুটী কাটোতেই বৰশিলা-
কুটীৰ দাঁত নিকট্ খাই গল। ভোবোলৰ মনত থাকিব পায়, সেই পটা-
গুটীটোৰেই হলিৰামে সিদিনা ঘৈণীয়েকক. গধূলি ভাত নাৰান্ধি শুই থকা
জগৰত চোৰ খুন্দাদি খন্দিলে। মই ইমানকৈ হলিক হকা-বাধা কৰিছিলো,
বোলো, তোৰ ঘৈণীয়েৰক, জিলা টেকেলাৰ ঘৰত সোমোৱা সেই খহুৱা গৰু
চোৰটো পাইছ নে কি, যে ইমানকৈ কিলা? খহুৱাৰ কিন্তু নজৰ ভাল,
এগোহালি গৰুৰ ভিতৰত বাছকবনিয়া সেই দাঁতে উঠা বগা বলদটোহে হাত
দিছিল। সেই বলদটো কিন্তু নিয়াহেঁতেন জিনাৰ হাত ছিগিল হেঁতেন;
আৰু এই বছৰলৈ খেতিৰ ভিকাচন ভগিলহেঁতেন। জিনাৰ ঘৈণীয়েকে
যৌতুকত আনা সইটো গৰু। জিনাৰ ঘৈণীয়েকে গিৰীয়েকৰ ঘৰলৈ আহি
বৰবাপেকক কলে, “বোপাই, বকুলীক অনেক ধন-বস্তু দি তুমি উলিয়াই
দিলা, (মাক একো নেলাগে মাত্ৰ এই বগা বলদ গৰুটো দিয়া।” বকূলীক
তাইৰ ভায়েক মতিলৈ বিয়া দিছে। লোকে যিয়ে কওক মতি কিন্তু লৰা
ভাল, গুণী। সিদিনা যে বলিবধ ভাৱনাত সি অঙ্গদৰ ভাওটো দিলে।
ধইন! ধইন! এনে ভাও আগেয়ে কোনেও কেতিয়াও কতো দিব পৰা
নাই অমৰাতলীয়া গোসাইৰ ঘৰত এই বুঢ়া শীলেৰেই অগেয়ে ভালেমান
ভাৱনা দেখিছে কিন্তু কৃষ্ণক চিন্তি সেই বালিবৰ ভাৱনাৰ নিচিনা ভাবনা
নহব নুপজিব। আইগোসাঁনীয়ে মতিৰ ভাও দেখি ইমান সন্তোষ
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৭৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৯
কেকো ককা