পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭২
সাধু-কথাৰ কুকি

জুইকে লগ লগাব নোৱাৰিলো। ওৰে ৰাতি হুপিয়েই থাকি- লোহেঁতেন কি জানি যদি ওচৰৰে গছৰ পৰা এটা ফেচাই “নিওঁ! নিওঁ বুলি”! বুলি এনেতে মাত নলগালেহেঁতেন। “নিওঁ?” কি নিবি, মোৰ চেলেউটো? কুম্পানীৰ মলুকত ৰাতি দুপৰত চুৰি? ডকাইতি? পাঁজী কাহেকা? তোম কোন হাঁয়? ৰ তই, হাম এতিয়াই থানামে খবৰ দি যাংগা! “নিওঁ?” হামাৰ চোলাকা মোনামে যদি ফেৰ চেলেউটো সুমাই থংগা তব তোম ক্যা নেংগা? মহাৰাণীৰ মুলুকত অধৰম হল। ডগধা চোৰৰ তাপত দুখীয়া প্ৰজাই ৰাতি দুপৰত পথাৰৰ মাজত নিশ্চিন্ত মনে চেলেউ এটাও হুপিব নোৱাৰা হল!!”
 চেলেউটো চোলাৰ মোনাত সুমাই থৈ ঘৰ-মুৱা হৈ যাবলৈ ধৰিলো। এইবাৰ বাটৰো অন্ত পৰিল, মোৰ বহাও পালে গৈ। পায়েই দুৱাৰ মেলি তুহঁ জুইকুৰাত ফোঁচ ফোঁচ কৰে ফু লগাইছোঁ, এনেতে কোনোবাই যেন মোক মাত লগালে “মিলাই!” “মিলাই”!
 কোন, কোনে মাতিছ? আকৌ চোৰ আহি এই খিনি পালেহিনে? এই বুলি উঠি অন্ধৰা খৰি এডাল লৈ জুই আঙণি কোবাই ঘৰৰ চাৰিউ ফালে ঘূৰি চাই আহিলো, কোনো নাই। চোলাৰ মোনাত চেলেউটো নিৰাপদে আছে নে নাই হাত সুমাই চাই নিশ্চিন্ত হৈ চাকিটো লগালো।
আকৌ কোনোবাই যেন চিনা মাতেৰে মাত লগালে“মিলাৰাম, অ’ মিলাৰাম।”  “কোন?”
 “মই হে?”
 “কোন মই হে?”
 “মই তোৰ বাপেৰ।”
 “মোৰ বোপাই? কি অদ্ভুত কথা? মোৰ বোইৰ হাড়তো বন গজিবৰ আজি তিনি বছৰ হল?”