দুপতীয়াতে লেখা পঢ়া সাং কৰি সৰ্ব্ববিদ্যাবিশাৰদ হোৱা গল! কলে
লোকে পতিয়াবনে নপতিয়াব কব নোৱাৰো, তথাপি কওঁ; যে নুবুৰাকৈ,
কেইবা বাৰো পাৰি দি, কেইবাখনো পুথিৰ ইপাৰৰ পৰা সিপাৰ আৰু
সিপাৰৰ পৰা ইপাৰ হোৱা গৈছিল, অৰ্থাৎ সৰ্ব্ব সাধাৰণৰ অসাধু ভাষাত
পোনাই কব লাগিলে, কেইবাখনো পুথি আগৰ পৰা গুৰিলৈকে কেইবা
বাৰো থকাসৰকাকৈ পঢ়ি শেষ কৰিছিলো। অসমীয়া পুথিৰ ভিতৰত
কাণখোৱা, বঙাল-বঙালনী নাটক আৰু কুমাৰ হৰণ। বঙালী পুথিৰ ভিতৰত
বোধোদয়, বিদ্যাসুন্দৰ,আৰু কাক -চৰিত্ৰ। ইংৰাজী পুথিৰ ভিতৰত স্পেলিং-
বুক, ফাষ্ট্ বুক্ অব্ ৰিডিং, আৰু মিষ্ট্ৰীজ্
অব্ দি কোৰ্টচ্ অব্ লণ্ডন।
ধৰ্ম্মতঃ কৈছোঁ এই তিনি-ত্ৰিকা-ন খন পুথি তিনি-ত্ৰিকা-ন বাৰ
মই সজ্ঞানে সুস্থ শৰীৰে পঢ়িছিলো। কাণখোৱা পুথিয়ে মোৰ আন
মানসিক উন্নতি কৰক নকৰক, শাৰীৰিক কাণ দুখন যে খালে,এইটো ধুৰুপ;
কাৰণ কোনেও “নিধক কাণ-কটা” নোবোলাকৈ সম্বোধন কাৰকত মোৰে
সৈতে কথা নকৈছিল? এই বিলাক যি হওক, বোপাই নাইকিয়া মই মোৰ
মালিক হৈ লৈ পানীয়ে বামে সমানে নাও চলাবলৈ ধৰিলো। আই আছে
বা নাই, মানিলে ধান, নেমানিলে পতন; এই কথা।
কানি ভাং ফটিকাৰ খোলাত অচিৰতে মোৰ নাম ফাটি পৰিল। ভাং
কানি খাই ৰাগী লগাই ফুৰোঁ দেখি এদিন আয়ে মোক গালি পাৰিলে।
এনে গালি খাই থকা উচিত নহয় ভাবি, এদিন আইৰ পেৰা ভাঙ্গি কেৰু
মণি আদি কৰি তেওঁৰ যি কেইডাল অলঙ্কাৰ আছিল, সোপাকে মনে মনে
উলিয়াই লৈ দেশ ভ্ৰমণ কৰিবলৈ ওলালো।
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৬৫
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চেনিচম্পা