দেখুৱাইছিল। শুনা কথা, সঁচা-মিছা কব নোৱাৰো, আমাৰ ককাদেউতাই
হেনো মানৰ নিচিনা সাজ পিন্ধি লুং-লাং-টুং-টাং মাত মাতি ১ টা কেচুৱা
আমাৰ ককাদেউতা অতি চোকাবুধীয়া আৰু দেশহিতৈষীলোক
অছিল। ১৭৩৮ শকত মান আহিলত, মানেৰে সৈতে মিলি আমাৰ
ককাদেউতাই অসমীয়া মানুহৰ বয়-বস্তু লুটিপুটি নিয়াত বহু প্ৰতাপ
দেখুৱাইছাল। শুনা কথা,সছাঁ-মিছাঁ কব নোৱাৰোঁ,আমাৰ ককাদেউতা
হেনু মানৰ নিচিনা সাজ পিন্ধি লুং-লাং-টুং-টাংমাত মাতি ৯টা কেচুৱা
লৰা যাঠীৰে খুচি, আৰু তিনিজনী তিৰোতাক কাৱৈ মাছ কচাদি কাচি
মৰিছিল। সেই তিনিজনী তিৰোতাৰ ভিতৰত এজনী হেনো তেওঁৰ
ভাই-বোৱাৰী। শেহত এজনী তিৰোতাৰ হাতত তেওঁৰ মৰণ মিলে। মোৰ
ককাদেউতা বীৰৰ সাজেৰে, বীৰবাহুৰ নিচিনাকৈ সমুখ সমৰত পৰি
স্বৰ্গপুৰীলৈ গল।
মোৰ পিতাদেও, অতি ওখ খাপৰ লোক আছিল। তেওঁৰ নিচিনা
সাহ-পিতৰ লোক অসমত আৰু এটি নাছিল। তেওঁ অকালত, অসমৰ
বেলিক দিন-দুপৰতে ৰাহুৰ হাতত দি অক্ষয় স্বৰ্গলৈ গতি কৰিলে।
( অলপ মান চকুৰ পানী ওলাইছে যেন পাওঁ, পাঠকসকল, আপোনা-
সকলৰ অনুমতি লৈ টুকি পেলোৱা যাওক) -মোৰ পিতৃ পুৰুষৰ বুদ্ধিটো
অতি চোকা আছিল বুলি মই ওপৰত কৈ আহিব পাওঁ? নাই কোৱা যদি
এই খিনিতে কওঁ। তেওঁৰ বুদ্ধিটো আইন কানুন গোচৰ ফুৰিয়াদত বৰকৈ
খেলিছিল। অৱশ্যে তেওঁৰ গাত উকিল-মুক্তিয়াৰৰ বাব চাব যে কিবা
আছিল এনে নহয়। তথাপি দিনটোত কুৰি-ছঁৰা গোচৰ-ফৰিয়াদ তেওঁৰ
গাৰপৰা নুগুচিছিল। অথচ ইফালে ব্ৰাস্মাক্ষৰ “ক” টোৰ চুক সাতোটা নে
পাঁচোটা তেওঁ মৰিবৰ দিনালৈকে ভাবি একো এটা থিৰ মীমাংসা কৰিব
নোৱাৰিছিল। মৰিবৰ সময়ত তেওঁ মোক ওচৰলৈ মাতি নি কলে “বোপা
নিলাই ঔ।” মই ওচৰ চাপি আহি উত্তৰ দিলো, “দেউতা কি কৈছে?”
তেওঁ কলে "বোপা মোৰ এটা কথা মনত গল।” মই কলো, “দেউতা
সেইটো কি কথা কওক, মই তাক সিদ্ধি কৰিম।” তেওঁ কলে,“বোপাই
মই ক' টোৰ চুক সাতোটা নে পাঁচোটা গোটেইটো জীৱনত ভাবি থিৰ