১৬০
বুঢ়াগোহাঁয়ে, নিমখ হাৰামি” কৰি ফাকি দি ভোজ খাবলৈ বুলি
মাতি আনি, আন আন মোৱামৰীয়াই সৈতে এই বীৰপুৰুষজনক
খাল খনাই পোতাই মৰিলে। নতুবা কিজানি উদ্ধৱ অশ্বথমা
হনুমন্ত আৰু বিভীষণে সৈতে আজিও তেওঁ অমৰ হৈ বদৰিকাশ্ৰমত
থাকিলহেঁতেন। সঁচা-মিছা ভগৱন্ত বস্তুৱে জানে, তেওঁক পোতা ঠাইতে
তেওঁৰ মূৰটোৰ পৰা গজালী মেলি এজোপা ডাঙৰ লাও গছ
হৈছিল, এনে প্ৰবাদ প্ৰচলিত আছে।
সকলোতকৈ সৰু চুৱাৰামো জুটিত পৰি মৰা নাছিল। তেৱো “বাপকা
বেটা লড়াই কা ঘোড়া” আছিল। ১৭০৪ শকৰ বহাগৰ ২ তাৰিখে
ৰাতি জুই লগাই শিঙৰীঘৰ পোৰা মৰাণহঁতৰ এৱেই “কাপ্তান” আছিল।
এওঁ অতি বুদ্ধিমান জ্ঞানী আৰু সৎস্বভাৱৰ পুৰুষ আছিল। লোকৰ
বয়-বস্তু তদাৰক নোহোৱাকৈ আলৈআথানি হৈ পৰি থকাটো এওঁ
সমূলি সহিব নোৱাৰিছিল। তেনে দেখিলে সেই বস্তু এখেতে
স্বহস্তে লৈ আহি নিজৰ ঘৰত সাৱধানে থৈ দিছিল। মুখৰ্লোকে
নিজৰ ইষ্টানিষ্ট নুবুজে। মূখই নিজৰ বস্তু নিজেও ভালকৈ ৰাখিব
নাজানে পৰকো ৰাখিব নিদিয়ে। সেই দেখি পৰোপকাৰী চুৱাৰামে
মূ্ৰ্খ গৰাকীক জানিবলৈ নিদিয়াকৈ তাৰ বস্তু আনি নিজৰ তত্বাৱধানত
সাৱধানে ৰাখিবলৈ বাধ্য হৈছিল। এওঁৰ বিষয়ে এটা ঘটনা আজিলৈকে
প্ৰচলিত আছে। এক গৃহস্থৰ ঘৰত লোটা বাটি কাহি কলহ কিছু
সৰহ আছিল। কিন্তু থাকিলে কি হব, ওপৰত কোৱা সেই আলৈ
অথানি। আমাৰ চুৱাৰামে সেই লোটা বাটি ৰক্ষণাবেক্ষণৰ ভাৰ দয়াপৰশ
হৈ নিজে লোৱাটো কৰ্তব্য ভাবি এদিন এন্ধাৰ ৰাতি গৃহস্থৰ পিৰালিত
চোপা দি বহি গৃহস্থৰ ঘৰৰ মানুহ শুবলৈ বাট চাই আছিল। অসমীয়া
মানুহৰ এটাইবিলাক কথাই বেবেৰিবাং | ঘৰ-দুৱাৰ একোবে লাগবান্ধ
নাই। পিৰালিৰ গাতে চুৱনিপাতখন। গিৰীহঁতনীয়ে ভাতপানী খাই
এন্ধাৰে মুন্ধাৰে আহি, মুখ-ধোৱা চুৱাচৰীয়াৰ পানী চুৱনিপাতলৈ চাতি
-