পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৫২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫২
সাধু-কথাৰ কুকি


 ঘৈণীয়েক–আ -আদিপাঠ।
 ডম্বৰু -আদিপাঠ? “আদিপাঠ” “আদিপাঠ”। আহা কি মিঠা মাত! অপ্সৰাৰ কল-কণ্ঠ! আদিপাঠৰ কোন খিনিলৈকে পঢ়িছা?  ঘৈণীয়েক–(সেহাই ডিঙি কঁপাই )

“খো-খেৰোচা-খৰিচা (সেপটুকি) গাভৰু গায়ন
গুণঠি গিলিপ গেৰেলা বায়ন।”

 ডম্বৰু—বাঃ বাঃ এই যে কবিতা! তুমি কবিতা পঢ়িছা । তুমি কাব্যৰস পান কৰিব পাৰিছা। তুমি কবি! তুমি স্বভাৱতে কবি! তুমি মোৰ Godess of Muse! তুমি মোৰ Inspiration ! হে কবিতেশ্বৰী, তোমাক মই অচিৰতে চেক্সপিয়েৰ, মিল্টন, বাইৰণ, শ্যেলি, কীট্চ, পঢ়িবলৈ দি অমৰ কবিসকলৰ কবিতাৰ সোৱাদ কেনে তাক জানিবলৈ দিম। তুমি কবিতা লেখিবও পাৰিবা। তুমি নিশ্চয় বেৰেট ব্ৰাউনিঙৰ নিচিনা কবিনী হৈ ( Goodness,I Don't know what is tbe feminine of কবি ; never mind কবি or কবিনী all the same ) এই জগতত অমৰ কীৰ্ত্তি লাভ কৰিব পাৰিবা! আহা! ঘৰৰ পিছ ফালৰ পিৰালিত, বা ধৰা, পিৰালিৰ কাষৰ কল তলত মই জোনাক ৰাতি থিয় হৈ থাকিলে, যিদিনা তুমি আমাৰ এই শোৱনী ঘৰৰ খিৰিকী দুৱাৰৰ কাষত থিয় হৈ, এবাৰ মোক

"O Romeo, Romeo! Wherefore art thou Romeo?
 Deny thy father, and refuse thy name;
Or, it thou wilt not, be but sworn my love.
 And I'll no longer be a Capulet,"

 এই বুলি মাতিবা, সেই দিনা মই হাতেৰে স্বৰ্গ চুকি পাম। সেই দিনা মোৰ জীৱনৰ এখ আশা পূৰ্ণ হব।-প্ৰিয়তমা, তোমাৰ মুখৰ একেষাৰ অমিয়া মাত শুনিবলৈ মই কি নিদিব পাৰোঁ । প্ৰাণেশ্বৰী আৰু কথা