পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৫০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫০
সাধু-কথাৰ কুকি

হৈছে? একো চিন্তা নাই, মই শপত খাই কৈছে, প্ৰতিজ্ঞা কৰি কৈছে, চন্দ্ৰ-সূৰ্য গ্ৰহ-নক্ষত্ৰক সাক্ষী কৰি কৈছো, ওৰেৰতিটো, জীয়াই থাকোমানে, নমৰোমানে, একেহাতে ছেদভেদ, নোহাৱাকৈ তোমাক তালপাতৰ চেঁচা বিছনিৰে চন্দন কাঠৰ সুগন্ধী বিছনিৰে, মৰা পথিৰ ৰূপহ বিছনিৰে, বিছি থাকিম। [ বিছনি লৈ বিছিবলৈ ধৰে ] চেঁচা পানত মিছিৰি তিয়াই চৰ্পত কৰি তোমাক খাবলৈ দিম। বৰফ লিমনেড, দি। { অ, পাহৰিছোৱেই, এই জঙ্গলী দেশত লিমনেড, পোৱা নেযায় (বলা) ভয় লাগিছে দেখি ফোপাইছা? মই ওচৰত থাকোঁতেও তোমাৰ ভয়? তোমাৰ স্বামী, তোমাৰ প্ৰাণেশ্বৰ, তোমাৰ সুখ-দুখৰ লগৰী, তোমাৰ কাষত থাকেঁতে তোমাৰ ওচৰলৈ কি আপদ আহিব পাৰে? প্ৰিয়ে মৃগ-নয়নী! তোমাৰ নিমিত্তে, তোমাৰ ৰক্ষাৰ নিমিত্তে তোমাৰ সুখৰ অৰ্থে মই মুহুত্তৰ্তে প্ৰাণ দিব পাৰো, তুমি নেজানানে? পৰমেশ্বৰ,O dear! who the D-knows whether there is a God or not! মিল, হিউম, স্পেন্স, বেইনৰ মত বিলাক লাহে লাহে বুজাই দিম, তেতিয়া তুমি বুজিবা, আমাৰ দেশৰ মানুহবোৰৰ মন কি কুসংস্কাৰেৰে ভৰা। প্ৰিয়ে! কোৱা তোমাৰ কি কষ্ট হৈছে। তোমাৰ প্ৰাণৱল্লভ তোমাৰ ওচৰত থাকেঁতে তোমাৰ কি বেজাৰ, কি ভয়, কি দুখ হব পাৰে? তুমি জানানে এই মুহূৰ্ততে এই ক্ষণতে মই তোমাৰ নিমিত্তে জীৱন বিসৰ্জন দিব পাৰে? ( উঠি গৈ দাড়ত আৰি থোৱা, চোলাৰ মোনাৰ পৰা কলম কটা কটাৰী আনি ডিঙিত ৰেপ দিবৰ ভাও কৰে, আৰু ছোৱালী ভয়ত টেপা খায়।) প্ৰাণেশ্বৰী, তুমি অমত কৰা, আৰু এই কটাৰী পেলাই দিবলৈ কোৱা, এতিয়াই। ও মই পেলাই দিম। পেলাম নে? পেলাম নে? ঘৈণীয়েক, -পেলাওক।

অৰ্থে মই মুহূৰ্ততে প্ৰাণ O dear! who the মতবিলাক মই তোযir uot! মিল, হিউম, লাহে লাহে বুজাই শাহ