পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
স্বৰ্গাৰোহণ


 ইয়াত পাবলিক্ ওৱৰ্কচ্, লোকেলব’ৰ্ড আৰু মিউনিচিপেলিটী নাইনে কি? কিয় নহব অৱশ্যে আছে। ভাবিলো পাবলিক্-ওৱৰ্কচ্, লোকেলবৰ্ড- মিউনিচিপেলিটী-ঢেকিয়ে আমাৰ পৃথিবীত যেনেকৈ ধান বানে,ইয়াতো সেই দৰেই বানে। তাতে ঢেঙ্কূৰুচ, ইয়াতো সেই ঢেঙ্কূৰুচেই। স্বৰ্গৰ ঢেকি বুলি ঢেঙ্কূৰুচৰ ঠাইত মুৰুলিৰ মাত নেমাতে। অসমীয়া সংস্কৃতজ্ঞ “পণ্ডিতে” কবৰ নিচিনা “দূৰাৎ চ' পৰ্ব্বতা ৰম্য়া, ওচৰাৎ তু খলা বমা।” দূৰৰ পৰাহে স্বৰ্গ! এনেখন স্বৰ্গলৈকে আহিবলৈহে মানুহে দান-পূণ্য, হোম-যাগ আদি ইমানবিলাক কষ্টসাধ্য কাম কৰি হেপাহ কৰি মৰে। (নলাগে বোপাই মোক স্বৰ্গৰ সুখটো, কামদেউ আহিলে পৃথিবীৰ লৰা মই পৃথিবীলৈ গুচি যামগৈ। তাত টোপনি নোহোৱাকৈ গোটেই ৰাতি খপো সিও ভাল, তেওঁ মই এনে ঢেকি-স্বৰ্গত নেথাকেঁ॥ ইমান অকণমান বিন্ধাটোৱেদি নো মোৰ ডাঙৰ ডাঙৰ বস্তুবোৰ কেনেকৈ তললৈ সৰকি পৰিছে ঐ? স্বৰ্গৰ দেখোঁ সকলো কথাই অদ্ভূত।

 এই বিলাক ভাবি থাকেঁতেই দেখিলো, মোৰ বস্তু সৰকি পৰি আদখিনীয়া হলেই! আপদ কাল উপস্থিত হলে “অৰ্দ্ধং ত্য়জতি পণ্ডিতঃ, অৰ্দ্ধেন কুৰুতে কাৰ্য্য়ঃ।” যি গল গল,যি পাৰোঁ তাকে ৰাখোঁ, ভাবি একে দোপেই উঠি ফুটাটোত কেয়া আঙ্গুলি এটা সোমাই সোপা মাৰি ধৰিলো। অলপমান বেলি এই দৰেই ধৰি আছোঁ, কিন্তু ভাবি পোৱা নাই কিহেৰে ফুটাটো একে বেলিয়েই মাৰোঁ। স্বৰ্গলৈ আহি মোৰ বুদ্ধিটোও অকোৱালি নোপোৱা হল নে কি? এনেতে হঠাৎ কাণত পৰিল “লঙ্কা ক'ত ক'ত।” ভাবিলো, স্বৰ্গতো বুকুৰা চৰাই আছে; বেছ কথা সুবিধাই। এই কথা ভাবি থাকোতেই দুৱাৰত ঠক্ ঠক্ শব্দ শুনিলো, শুনি মনত হৰিষ মিলিল; ভাবিলো, কামদেউ বৌৱকে সৈতে উভতিল।