{উম্বৰুধৰৰ বয়স ২১। বি,এ, মহলালৈ থাৰ্দ্দইয়েৰ ক্লাছত পঢ়িছে।
কাকতে পত্ৰই ‘চেন্টিমেন্টল}কবিতা লেখা স্বভাৱটোও আছে। কলি-
কতাৰ কলেজ বন্ধত ঘৰলৈ আহিলত, মাকে ডম্বৰুৰ শান্তি বিয়া পাতি
বাৰবছৰীয়া ঘৈণীয়েকক ঘৰলৈ আনিলে। প্ৰথম ৰাতি। ১১ বজা।
ডম্বৰু আৰু ন ঘৈণীয়েক শোৱা পাটিত বহি।]
ডম্বৰু-( ঘৈণীয়েকৰ মুখৰ ওৰণি গুচাবলৈ ধৰি} প্ৰিয়ে! প্ৰাণ প্ৰিয়ে।
প্ৰাণেশ্বৰী! মুখৰ ওৰণি গুচুৱাঁ। আ-হা-হা! পুৰ্নিমাৰ জোনটিক ডাৱৰে
কেনেকৈ ঢাকি ধৰিছে। গোটেই ফুল, আপোন জেউতিৰে জলা, গোলাপ
ফুল পাহিক পাতে কেনেকৈ ছাতি আছে। চাঁও, ডাঁৱৰ গুচ্,আতঁৰ,
পলা; পূৰ্ণিমাৰ চিকুণ জোনটি দেখি মোৰ চকু জুৰাওক। আওঁ ওৰণিৰ
পৰা হাত আতৰোৱাঁ । কুতচিত কাপোৰ এখনেৰে সোণ যেন মুখখন আবৰি
ৰাখি তাৰ জেউতি তোমাৰ লুকাই লাভ কি?- বাঃ বাঃ ওৰণিৰ তলেদি এতিয়াই
ঠিকযেন-তিল-ফুল যেন চিকুণ নাকটিৰ আগটি ওলাইছিল। সত্যে কৈছো,
ঘৰ তলেদি বিজুলীয়ে ভুমুকিয়ালে যেনে দেখিবলৈ হয় তেনে হৈছিল।
চক্ মক্ কৰে ওলোৱা আৰু লুকুৱা বিজুলীক চিৰস্থায়ী কৰি চকুৰ
আগতে ধৰি ৰাখিব পাৰিলে কিমান সুখ!-চাওঁ, ইমান ঘামিছা কেলৈ?
নিশ্চয় কপালত ঘামৰ টোপালবিলাক একোটি মুকুতা হৈ ওলমিছে;
দেখিবলৈ চাগৈ কেনে শুৱনী হৈছে। ওৰণি গুচুৱাঁ মোৰ মালিক;
গুচুৱাঁ! গুচুৱাঁ! গুচুৱাঁ! মোৰ চকুক সেই সুখৰ পৰা বঞ্চিত কৰা
কেলৈ । অ মোৰ কপাল! ফোপাইছেও! কিয়? মোৰ সোনাই তুমি
ফোপাইচা কেলৈ ? তোমাৰ কি হৈছে ? তোমাৰ কি মানসিক যন্ত্ৰনা
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৪৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
আমাৰ সংসাৰ