পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৭
জলকুঁৱৰী


 ষোল বছৰীয়া ছোৱালী এজনীয়ে কি এইখন লৰালি কৰি কাল কটায় তাক হৰি ভগৱন্ত আৰু তাইহে জানে।
 তাইৰে সৈতে সময়ৰ মুঠেই মিল নাই; গছৰ তলত তাইৰ দৰে বহি কটাবলৈ সময়ৰ ঘোৰ আপত্তি। সংসাৰত সময়-ঘোৰাৰে সৈতে চেকুৰিব নোৱাৰিলে সি মানুহক পিছ পেলাই গুচি যায়। কালক্ৰমত তাইলৈ দৰা আৰু বিয়া আহি উপস্থিত হল। দৰা বাইচ বছৰীয়া, দেখিবলৈ ভাল, শুনিবলৈ ভাল, ভাল কুলীয়া।ছোৱালীৰ মাকৰো মত, বাপেকৰো মত, গতিকেই নিৰ্বিৰোধে বিয়াৰ ঠিক হল। দৰা- ছোৱালীৰ দেখাদেখি আলাপ পৰিচয় ঘটিল। বিয়ালৈ আছে সাত দিন। কিন্তু ছোৱালীৰ মনৰ টানটো হব-খোজা দৰাৰ ফালতকৈ ৰূপহী নৈৰ ফাললৈহে প্ৰবল যেন দেখি! বিয়া পালেহি, তাৰ চিন্তা- চৰ্চ্চা বা আন ভাৱনা একো নাই, এতিয়াও আগৰ দৰেই নিতৌ ৰূপহীৰ পাৰত তাই বহি কটায়। তাইৰ এনে স্বভাৱ লক্ষ্য কৰি দৰা অতি অসন্তুষ্ট।
 এদিন তাই নৈৰ পাৰৰপৰা গধূলি আহি শুনিলে, দৰাই তাইক বিয়া নকৰাই কাইলৈ বিদেশলৈ গুচি যাব খুজিছে। কথাটো কঁঠালৰ ডিলাত বাঁহৰ শাল সোমোৱাদি তাইৰ বুকুত সোমাল। তাই ভাবিলে, “যাওঁ, গৈ এই নিশাই তেওঁক হাতে ভৰিয়ে ধৰি নেযাবলৈ কওঁগৈ”, আকৌ ভাবিলে “লাজ পুৰি নেখালে মোৰ পক্ষে এনেকৈ কোৱাটো অসম্ভৱ।” ভাবনাত ৰাতি তাইৰ টোপনি নাই। বাহিৰত কৰিংফুটা জোনাক। শোৱা-পাটি এৰি মনে মনে তাই ৰূপহীৰ পাৰ ওলালগৈ। পাৰ পায়েই তাইৰ সকলো চিন্তা ভাৱনা ৰূপহীৰ সোঁতত মুহূৰ্ত্ততে কৰবালৈ উটি গল। আকৌ তাই খাগৰি গোটাই আনি ছাকনৈয়াত এডাল এডালকৈ পেলাবলৈ লাগিল।
 এনেতে হঠাৎ পিছ ফালৰপৰা দুখন তপত হাতে তাইৰ চকু দুটা মুদাই ধৰিলে। তাই বলেৰে হাত দুখন এৰুৱাই উভতি চাই দেখিলে সেই হৰ-