পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৪১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪১
মূলা-খোৱা বুঢ়া

দ্বিতীয় অধ্যায়

 ৰাতিপুৱাই কাউৰী-কুকুৰ নৌ উঠোতেই ফটা-কঁথা নিহালিৰ মায়মোহ এৰি বুঢ়াৰ শাকনি সোমোৱা অভ্যাস। দিনতো দিঠকত মুলাখোচৰা আছেই, ৰাতিও সমাজিকত বুঢ়াৰ মূলা-খোচৰাৰ ক্ৰটী নাই; আন কি, টোপনিত গাৰ খুদখহুত কেনেবাকৈ হাত পৰি খজুৱালেও বুঢ়াৰ মুলা-খোচৰা যেনহে লাগে। এদিন ৰাতিপুৱা দোকমোকালিতে শাকনিৰ পৰা বুঢ়াই, ৰিঙিয়াই মাতিবলৈ ধৰিলে—“বুঢ়ী ঔ বুঢ়ী!”
 বুঢ়ী- “ ঔ ”
 বুঢ়া-“চাহিচোন্ বেগাই আহ!”
 বুঢ়ী-“ৰাতি এডোখৰ থাকোতেই নো কি হল ঐ। মই জাৰত এতিয়াই নোৱাৰে৷ উঠিব।”
 বুঢ়া-“মোৰ মূৰখাঁতী বুঢ়ী, আচোন চাই যাহি।”
 বুঢ়ী-“মোৰ মুৰখোৱা বুঢ়া, মই নোৱাৰোঁ যাব, কি হল ক?”
 বুঢ়া-“বোলো, মূলাৰ কণ কঠীয়া মাৰিলে।”
 বুঢ়ী- “কি হল? কোনে? গৈছোঁ।”
 এই বুলি নিহালি কথাঁ তুলি তলিচা যি আছিল সোপাকে গাত মেৰাই লৈ বুঢ়ী শাকানি পালেগৈ।


তৃতীয় অধ্যায়

 বুঢ়া-ই কথাই কথা নহয়, সি মূলা খাই লতা পাইছে যেতিয়া আজিও আহি ওলাবহি । আজি ৰাতি খাপ দি তাক ধৰিবই লাগিব, কি বোল বুঢ়ী? মই আমুকা বুঢ়া হওঁ যদি তাক গৰু-বান্ধা পঘাৰে বান্ধি ঢেকি-ঠোৰা লগাম।”