ঘৰ-পতা ককা
( উপকথা )
প্ৰথম অধ্যায়
সত্যকালত চৰাই-চিৰিকতি পহু-পতং সকলোৱে কথা কব পাৰিছিল,
আৰু সকলোৰে মাত সকলোৱে বুজিছিল। আজি সত্যযুগৰ কণমান সাধু
এটি আমি পাঠকসকলৰ আগত ধৰিলো!ঃ-“সংসাৰত গোসাঁইয়ে, কৃষ্ণলৈ
ৰুক্মিণী, চোৰলৈ চুৰণী, ইন্দ্ৰলৈ শচী, ফেঁচালৈ ফেঁচী, খোৰালৈ খুৰী আৰু
বেঙালৈ বেঙী থৈছে; কেৱল মোলৈহে একো নথলে! মই দুৰ্ভগীয়াক নো
কেলৈ স্ৰজিলি কণা গোসাঁই ঐ? কপাল! মোৰ আই বোপাই থকাহেঁতেন
এতিয়া কিহৰ চিতাঁ, ভৰিত ধৰি কাবৌ কৰি মোলৈ লোকে ছোৱালী
দিলেহেঁতেন, তেতিয়া আকৌ মইহে এঙাই কলোহেঁতন-মোক
ছোৱালী নেলাগে।” এই বুলি বনৰজা শ্ৰীযুত গোজৰ বৰুৱাই বিলাপ কৰি
আলিকেকুৰীৰ বিৰিণা-জোপাৰ মাজত বহি গধূলি বেলিকা চকু-লো টুকিব
লাগিছে।
শলাল শইকীয়া আৰু টেকোৰা বৰা বিয়লি জাঁজীৰ পৰা শিৱসাগৰলৈ খোজ লৈছে, সেই দিনাই নগৰ পাবগৈ লাগে, পাছদিনা তেওঁলোকৰ মকৰ্দদমাৰ দিন।কান্ধত তিনিভাগ ধানখেৰেৰে পুৰোৱা বৰডাঙৰ টোম দুটাত চাউলৰ ডাঙৰ ভাৰ; আৰু শকত, ডাঠ, দীঘল, কেঁয়া অঙ্গুলি নোসোমোৱা, একোটাত পাঁচ টকাকৈ গাখীৰ ধৰা এজোকা গাখীৰৰ চুঙা; খোজত লৰি ঘটং ঘটংকৈ বাজি গৈছে। কোনোবা বিষয়াৰ ভেটী। শলাল শইকীয়াই মাত লগালে, বৰা কাই, মই সেইদেখি ঘৰ-পতা ককাৰ