পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩২
সাধু-কথাৰ কুকি


 মাক—“গোসাঁনীলৈ মই এটা মহ বলি আগ কৰিছো। আই মাতৃয়ে মোৰ ঘৰখন এই যাত্ৰাৰ পৰা ৰক্ষা কৰক। কিনো উপায় উলিয়াইছ মোক কচোন?”

 বায়েক—“একেবেলিয়েই জানিবা, এতিয়া থাওক।”

 ইয়াৰ পাছত সেই দিনা ৰাতিয়েই সকলোৰে চুৱা পাতৰ পৰা চুছি- মেলি গোটাই দিয়া ভাতৰ পাতত বহি সেউতীয়ে প্ৰথম গৰাই ভাত সানি মুখত দিয়েই জিভা কোচ খাই গৈ “স্বামীগুৰু” বুলি লুটি খাই পৰি একেবেলিয়েই “ঘৰখন ৰক্ষাৰ” উপায় কৰি শুলে। এই ঘটনা ঘটি অতোৱাৰ পাছত ওচৰ চুবুৰীয়া ভালেমান জনা-শুনা ধাৰ্ম্মিক মানুহে, আপোন আপোন জুহালৰ কাষত বহি আপোন আপোন গধুৰ মতামত প্ৰকাশ কৰা শুনা গৈছিল, যে প্ৰকৃত পক্ষে ছোৱালী সম্বন্ধ-লগা নহয়।