নুমুৱাই দিয়া হয়, বেটীৰ এই প্ৰাৰ্থনা ” ন কুৱঁৰীৰ প্ৰথম ন-প্ৰাৰ্থনা পূৰণ
কৰি কৃতাৰ্থ হবৰ প্ৰথম সুবিধা পাই ৰঙত চুচেংফা সৰ্গদেৱ বৰ-ঘৰৰ
ভিতৰত দুৱাৰ মাৰি কেইবাৰ ওভোতা খৰ মাৰিলে জনা নগল, কিন্তু কুৱঁ-
ৰীৰ প্ৰাৰ্থনা তেওঁৰ কাণত পৰিবলৈ আহোঁতেই আদবাটতে মঞ্জৰ হল।
ঈশ্বৰৰ কি অভিপ্ৰায় কোনে জানে; এন্ধাৰ শোৱনী ঘৰৰ শোৱাপাটীত
পৰি ন কুৱঁৰীলৈ বাট চাই থাকোঁতেই সৰ্গদেৱৰ মূৰত থকা ফটিকাৰ ৰাগিয়ে
হাত মেলি ঠাইতে লাহেকৈ চকুৰ পিৰিকতি দুটা মুদাই ধৰিলে, আৰু
আঠুৱাৰ চুকত কলাঘুমটিয়ে লুকাই চেগ চাই আছিল, চল পাই খপ্ কৰে
সৰ্গদেৱক হেচা মাৰি ধৰিলে। কাণ্ডখন দেখি দুই ভাই নাসিকা-লৱ-কুশে
ৰহস্যত সুৰ ধৰি ঘট ঘট ৰামায়ণ গান কৰিবলৈ লাগি গল। মালতী কুৱঁৰীয়ে
ঈশ্বৰৰ চৰণত আপোনাক সমৰ্পি এন্ধাৰে-মুধাৰে শোৱনীঘৰ সোমাই খুপি
খুপি শোৱাখাটৰ ফাললৈ অনুমান কৰি আহি আছে, এনেতে হঠাৎ সৰ্গ-
দেৱৰ তামোলৰ বটা-সৰাইত উজুতি লাগি তেওঁ হামকুৰি খাই পৰিল আৰু
বঁটা শৰাই ভোগজৰা পিক্ বান আদি যি অছিল সেইবিলাকে হুৰ্ হুৰ্ কৰে
পৰি এটা মহাৰোল উঠিল! খক্ মক্ কৈ সাৰ পাই টোপনি আৰু ফটিকাৰ
জালত মহাৰজাই, তেওঁকে কোনোবা শত্ৰুৰ আক্ৰমণ কৰিবলৈ আহিছে,
ইয়াকে স্থিৰ কৰি, খপ্ কৰে পাটিৰ কাষত থকা তৰোৱাল খুলি লৈ মালতীৰ
বুকুত বহুৱাই দিলে। দি অতাইয়েই চেতনা হল! দেখিলে কি সৰ্ব্বনাশ
কৰিলে!! সকলো আশাৰ মূৰত বজ্ৰপাত!!
⸻
ষষ্ঠ অধ্যায়
ৰজাক কেতিয়াকৈ ধৰিবলৈ পাওঁ, এই কথা ভাবিভাবি টোপনিৰ চকুত টোপনি নাইকিয়া হৈছিল, এই হৃদয় বিদাৰক ঘটনাৰ ৰাতিৰ পৰা সেই