বাবে, ডেকাবৰুৱা-ডেকাবৰুৱানী আৰু মালতীক, গাইপতি ক্ষমা প্ৰাৰ্থনা
কৰিবলৈ আহিছে। “ঙ” বৰুৱাই মধুৰা পাগ মাৰি “কি কথাটো হল।
আহোমে আমাৰ বংশতো হাত ঘালিলে। এই লাজ অপমান ক'ত
থওঁ?” এই কথা ডেকাবৰুৱাৰ কাণে কাণে কৈ ইস্-ইস্ আস্-আস্
কৰি মৰণান্তিক বেদনা প্ৰকাশ কৰি আছেহি। খোৰা “দ” খোৰা
বৰুৱাই এবেলাৰ বাট লাখুটি লৈ খোৰাই বাট্কুৰি বাই আহি ডেকাবৰুৱাৰ
আগত নিজৰ দুৰ্দ্দশাৰ কথা, আৰু ডেকাবৰুৰা কপালী পুৰুষৰ সু দশাৰ
কথা মাখি-মুখি কব লাগিছেহি। বিকাই বাপু পেট কটা ‘ৰই’
ঘৈণীয়েকৰ সৈতে দন্দ কৰি খঙত আপোনাৰ পেটকে আপুনি কাটি ছমাহ
শুকনি-পকনি খাই বিদুৰৰ শষ্যাত পৰি আছিল, হঠাৎ এই বাতৰি শুনি
পেটত পানী গামোছা বান্ধি আহি ডেকাবৰুৱানীৰ আগত সেয়া কি
লেব্ লেবাব লাগিছেহি শুনা। “জ” বৰা আৰু “ঞ বৰাণীয়ে গোট
খাই ‘জ্ঞ” হৈ মালতীৰ আগত মেলা বকলাৰো লেখ জোখ নাই।
⸻
পঞ্চম অধ্যায়
“ৰজাৰ লেজু মেলিব পাৰি, চপাব নোৱাৰি।” আমাৰ কথাৰ লেজু কিন্তু তেনে নহয়, মেলিব পাৰি, চপাবও পাৰি ঠাই বুজি। ঠাইৰ, নাড়ী ডাল টিপি চালেই গম পোৱা যায়, যে ইমানতে আমাৰ কথাও চপাবলৈ কাৰ- বাৰ নকৰিলে অৱস্থা ত্ৰিদোষীৰ ফালে টানে; গতিকে সিয়েই বিধেয়। মাজত অমুক হল, তমুক হল, তমুকৰ পাছত আকৌ অমুক হল, হৈ তাৰ পাছত আমাৰ মালতী কুঁৱৰী ৰজাৰ ঘৰলৈ গল, গৈ শোৱনী-ঘৰত সোমাবৰ কাল হল। মালতীয়ে সৰ্গদেৱলৈ জনাই পঠিয়ালে যে “সৰ্গদেও! বেটীৰ লাজ লাগে, বেটী শোৱনী ঘৰত সোমোৱাৰ আগেয়ে যেন শোৱনী ঘৰৰ চাকিবিলাক