পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২
সাধু-কথাৰ কুকি


পৰা নামি ওচৰ চাপি আহিছোঁ যদি মোৰ পৰা কিবা উপকাৰ হয়, এই ভাবি। ৰাতি তিনি বজালৈকে আপোনাৰ চকুত টোপনি নাই ছটফটাই আছে, মই চকুৰ আগতে দেখি আছো ।
 মই-মােৰ টোপনি নাহিল যদি নাহিল, তোৰ তাত কি হল ? কোনোবা ৰজাৰ জীয়েকৰ বাতৰি কৈ মােৰ চকুৰ পৰা টোপনি একেবাৰেই খেদিবৰ ফিকিৰ কৰি মােৰ ওচৰ চাপিছহি হবলা? সেই ফিকিৰ মােৰ ওচৰত নেখাটে । তই বেৰৰ লৰা বেৰলৈ উঠি যা, গৈ লোকৰ কুমলীয়া ছোৱালীৰ কাণত ফুচ্ ফুচ্-ফাচ্-ফাচ্, কৰি তাইক বলিয়া কৰগৈ। তই মােৰ ভাই বা আন সম্বন্ধীয়া নহলি ; নপঢ়ি নুশুনি দুষ্টালি কৰি এনেকৈ ফুৰা বাবে নিতৌ তোৰ পিঠিত মই সৌকা মেলিবলৈ নেপালো ! গুচ! বা! মোৰ বিয়া হৈ গৈছে, তই মােৰ ঘৰ পাতিব নেলাগে।
 কামদেউ - আপােনাৰ বিয়া হৈ গৈছে বুলি মই জানো; মই সেই বাবে আপোনাৰ ওচৰলৈ অহা নাই ।
 মই -কি বাবে আহিছ বেগাই ক। মাঠি-মুঠি থাকিব নেলাগে ৰাতি পুৱাইহে লাগে, পাৰো যদি মই অলপ চকু মুদোঁ।
 কামদেউ – আপুনি এই পৃথিবী এৰি স্বৰ্গলৈ যাবলৈ ইচ্ছা কৰিছিল মােৰ স্বৰ্গ-মর্ত্য-পাতাল তিনি লোকত অব্যাহত গতি। বেছ কথা, আপুনি যদি স্বৰ্গলৈ যায়, তেন্তে বলক মই লৈ যাওঁ । এই কথা কবলৈহে মই আহিছোঁ।
 মই সঁচাকৈয়ে কৈছনে, নাই মোৰ সৈতে চুপতিহে কৰিছ ! চুপতি কৰিছ যদি সােকোতা পাবি, মই কেনে ভকত জনা নাই হবলা।
 কামদেউ- ৰাম ৰাম । আপুহি মােৰ ককাইদেউ, আপোনাৰে সৈতে জানাে মই চুপতি কৰিব পাৰো? সঁচাকৈ কৈছো, যায় যদি বলক মই লৈ যাওঁ।