দাৰোগা--“এইবোৰ কি কথা?”
পণ্ডিত-“হজুৰ-হজুৰ - ওঁঃ-আপুনিতো- সো-সোপাকে জানেই
আৰু মই নো কি-ক-কম?”
দাৰোগা-“তুমিও কব লাগিব। নকলে নহব।”
পণ্ডিত--“কব লাগে হুজুৰ ক-কওঁ। সেই তাতে আছে।”
দাৰোগা - “কত আছে।”
পণ্ডিত -- “মজিয়াৰ তলতে।”
দাৰোগ-“সকলো কথা ভাঙ্গি কব লাগিব, এই দৰে কলে নহব।”
পণ্ডিত—“ভাঙ্গি কবলৈ হজুৰ নাই, গোলামেই।”
দাৰোগা—“কি গোলামেই? কি গোলামেই? কিয় সকলো কথাৰ
সম্ভেদ নকয়? মোহন চিং! ইসকো পাকড়াও--”
“পণ্ডিত -“কওঁ হজুৰ, কওঁ হজুৰ, কওঁ হজুৰ। জমিদাৰ বাবুৰ
লৰাটোৱে মই স্কুলত সিহঁতৰ শ্ৰেণীলৈ পঢ়াবলৈ গলে সদাই মোক, ‘পণ্ডিত
মহাশয় বলুন দেখি, ইঠা না সিঠা?’ এই বুলি জোকায় ঠাট্টা কৰে।সেই
কথাই মোৰ অন্তৰত শেল সোমোৱাদি সোমাই মোক সদাই বৰ যাতনা দি
আছিল; কি কৰিম, প্ৰতিশোধ লবৰ একো উপায় নেপাই স্কুলত মনে মনে
আছিলো। কিন্তু প্ৰতিশোধ-বহ্ণি সদায় মোৰ মনত দুপ্ দুপ্ কৰে জ্বলি
আছিল। পূজাৰ বন্ধ হবৰ দিনা সি গধূলি মোৰ ওচৰত ঘৰলৈ যাবলৈ
বিদায় লবলৈ আহিছিল। মই চেলুপাই ‘বহুত দিনলৈ আতৰ হৈ যাবি,
আহ বোপাই জলপান অলপ খাই যা,’ এই বুলি তাক ৰান্ধনী-ঘৰলৈ মাতি
আনি হেচা মাৰি ধৰি মুখত কাপোৰেৰে সোপা দি ডিঙিটো মুচৰি ভাঙ্গি
মজিয়াতে গাট খানি পুতি থলো। আৰু হজুৰ মোৰ কবলৈ একো নাই।”
এই কথা শুনি পণ্ডিতক হাতকেড়েয়া দি দাৰোগাই “লাচ” টো খনাই
উলিয়াই কেছাৰিলৈ লৈ গল। সকলো মানুহে দেখি অবাক! স্তব্ধ!